আলুৰ চিপচ কেনেকৈ বনাব ? আলুৰ চিপছৰ ৰেচিপি

WhatsApp Follow

( How to make potato chips ) বজাৰৰ পৰা কিনা আলুৰ চিপচবোৰ সোৱাদযুক্ত যদিও পৰিমাণ অতি কম । সকলো সময়তে বাহিৰত খাদ্য খোৱাটোও স্বাস্থ্যসন্মত অভ্যাস নহয় । ইচ্ছা কৰিলে ঘৰতে সুস্বাদু আলুৰ চিপচ বনাব পাৰে । সেইবাবেই ২০ মিনিট যথেষ্ট । আজি আহক আলুৰ চিপচ বনোৱাৰ ৰেচিপি –

বনাবলৈ কি লাগে ?
  • আলু – ২
  • নিমখ- ১ চামুচ
  • বুট নিমখ- ১/২ চামুচ
  • জলকীয়া গুড়ি- ১/২ চামুচ
  • টেষ্টিং নিমখ- ১ চিমটি
  • তেল – ভাজিবলৈ।
কেনেকৈ বনাব ?

আলুখিনিৰ খোলা উলিয়াই পাতলকৈ কাটি লওক । কটাৰীৰে বা গ্ৰেটাৰৰ সহায়ত কাটিব পাৰি । ঠাণ্ডা পানীত নিমখ দি কটা আলুৰ টুকুৰা খিনি ৫ মিনিট ডুবাই ৰাখিব । তাৰ পিছত পাকঘৰত লৈ যাওক, টিছুত ভৰাই পানীখিনি ভালদৰে শুকুৱাই লওক । এটা ডাঙৰ কেৰাহীত তেল গৰম কৰক । তেলখিনি যথেষ্ট গৰম হ’লে আলুৰ চিপচখিনি পেলাই দিব । অভেনৰ জুই মধ্যমীয়াকৈ ৰাখি ভালদৰে ভাজিব । এতিয়া বুট নিমখ, জলকীয়া গুড়ি, টেষ্টিং নিমখ আৰু নৰ্মেল নিমখ একেলগে মিহলাই চিপছৰ ওপৰত ভালদৰে বিয়পাই দিব ।

Leave a Comment