LIC অফিচত গ্ৰুপ চি পদত নিযুক্তি, এতিয়াই আবেদন কৰক

WhatsApp Follow

Large Number Of Group C Recruitment In LIC Offices – দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকা সকলৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে LIC হাউছিং ফাইনেন্স বিভাগে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে, য’ত শতাধিক খালী পদ পূৰণ কৰা হ’ব। ইয়াত সকলো ধৰণৰ চাকৰি প্ৰাৰ্থীয়ে আবেদন কৰি চাকৰিৰ সুযোগ পাব। বহুত খালী পদ নিযুক্তি দিয়া হ’ব গতিকে এই চাকৰিটো বাদ নিদিব। সবিশেষ জানিবলৈ সম্পূর্ণ পঢ়ক –

পদৰ নাম – এল আই চি গৃহ নিৰ্মাণ বিত্ত বিভাগে প্ৰকাশ কৰা পদটোৰ নাম এপ্ৰেণ্টিছ / Apprentices।

মুঠ খালী পদ – মুঠ ইয়া ২৫০টা খালী পদ পূৰণ কৰা হ’ব।

বয়স – ইয়াত আবেদন কৰিবলৈ চাকৰি প্ৰাৰ্থীৰ ২০ বছৰৰ অধিক হ’ব লাগিব।

শিক্ষাগত অৰ্হতা – ইয়াত আবেদন কৰা সকলো চাকৰিৰ আকাংক্ষীৰ নূন্যতম শিক্ষাগত অৰ্হতা কেৱল Graduation pass হ’ব লাগে।

দৰমহা – ইয়াত আৱেদন কৰাৰ পিছত চাকৰি প্ৰত্যাশীসকলে চাকৰি পালে প্ৰতিমাহে ৯০০০ৰ পৰা ১৫০০০ টকাকৈ দৰমহা পাব।

নিযুক্তিৰ পদ্ধতি – সকলো চাকৰিৰ আৱেদনকাৰীক লিখিত পৰীক্ষাৰ জৰিয়তে নিযুক্তি দিয়া হ’ব, এই ক্ষেত্ৰত তেওঁলোকে প্ৰথমে ১০০ নম্বৰৰ এমচিকিউ ধৰণৰ লিখিত পৰীক্ষা দিব লাগিব।

আবেদন পদ্ধতি – ইয়াত আবেদন কৰা সকলো চাকৰিৰ আকাংক্ষীয়ে অনলাইন আবেদন কৰিব লাগিব। এনে ক্ষেত্ৰত চাকৰি প্ৰত্যাশীসকলে প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। প্ৰথমে চাকৰি প্ৰত্যাশীসকলে এই লিংক https://nats.education.gov.in/student_register.php ত ক্লিক কৰি অনলাইন পঞ্জীয়ন কৰিব লাগিব।

পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত চাকৰি প্ৰাৰ্থীসকলে https://forms.gle/kE1BR2uG14QJcgsG9 লিংকত ক্লিক কৰি পুনৰ মূল প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। আবেদনকাৰীয়ে সকলো সঠিকভাৱে পূৰণ কৰাৰ পিছত আবেদন মাচুল জমা কৰিব লাগিব তেতিয়া আবেদন প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ হ’ব।

আৰু পঢ়ক – ভাৰতীয় ডাক বিভাগত গ্ৰুপ ডি পদত নিযুক্তি, আজিয়ে আবেদন কৰক

আবেদন মাচুল – ইয়াত আৱেদন কৰা কোনোবা যদি সাধাৰণ প্ৰাৰ্থী বা অবিচি প্ৰাৰ্থী হয় তেন্তে তেওঁলোকে আবেদন মাচুল হিচাপে ৯৪৪ টকা দিব লাগিব। লগতে যদি কোনো প্ৰাৰ্থী SC / ST / EWS / FEMALE হয় তেন্তে তেওঁলোকে আবেদন মাচুল হিচাপে ৭০৮ টকা জমা কৰিব লাগিব। লগতে যদি কোনো প্ৰাৰ্থী PwD হয় তেন্তে তেওঁ আবেদন মাচুল হিচাপে ৪৭২ টকা জমা কৰিব লাগিব।

এই নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখ – যিসকলে ইয়াত আবেদন কৰিব বিচাৰে বা ইয়াত কাম কৰিব বিচাৰে তেওঁলোকে তলত দিয়া গুৰুত্বপূৰ্ণ তাৰিখসমূহ মনত ৰাখক – আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব – ২২/১২/২০২৩ আৰু আবেদন ৩১/১২/২০২৩ লৈকে চলিব ৬ জানুৱাৰী, ২০২৪ আৰু শেষত ইয়াত মেধা তালিকা প্ৰকাশ কৰা হ’ব – ১২ আৰু ১৩ জানুৱাৰী, ২০২৪

Important Link –

OFFICIAL NOTICEDownload
OFFICIAL WEBSITEClick Here
APPLY NOWClick Here

Leave a Comment