ভাৰতীয় ডাক বিভাগত গ্ৰুপ ডি পদত নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

10 Pass Post Office Group-D Recruitment – ভাৰতীয় ডাক বিভাগে গ্ৰুপ ডিৰ পদত নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকা সকলৰ বাবে বিৰাটৰ এটা ভাল খবৰ। মধ্যমিক পাছ থকা চাকৰি প্ৰত্যাশীসকলে ইয়াত আবেদন কৰাৰ সুযোগ পাব।

ইয়াত গ্ৰুপ ডি পদত ভাৰতীয় ডাক বিভাগে যোগাযোগ মন্ত্ৰালয়ৰ তত্বাৱধানত নিযুক্তি দিব। যিকোনো ভাৰতীয় নাগৰিক তথা অসমৰ স্থায়ী বাসিন্দাই ইয়াত চাকৰি পাব পাৰে। এই চাকৰিৰ বিষয়ে বিতং তথ্য, নিযুক্তি পদ্ধতি, আবেদন পদ্ধতি আৰু অন্যান্য সকলো তথ্য তলত আলোচনা কৰা হৈছে –

পদৰ নাম – ইয়াত যিটো পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ’ব তাৰ নাম হ’ল – নন গেজেটেড গ্ৰুপ চি।

শিক্ষাগত অৰ্হতা – ইয়াত কাম কৰিব বিচৰা প্ৰাৰ্থীসকলৰ নূন্যতম মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।

দৰমহা – ইয়াত চাকৰি পোৱাসকলক ১৯,৯০০/- টকাৰ পৰা ৬৩,২০০/- টকালৈকে মাহিলী দৰমহা দিয়া হ’ব।

বয়স – ইয়াত কাম কৰিবলৈ চাকৰি প্ৰত্যাশীসকলৰ নূন্যতম বয়স ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। কিন্তু সংৰক্ষিত শ্ৰেণীৰ চাকৰি প্ৰাৰ্থী অৰ্থাৎ অনুসূচিত জাতি/জনজাতিৰ শ্ৰেণীৰ চাকৰি প্ৰাৰ্থীয়ে অতিৰিক্ত ৫ বছৰৰ বয়সৰ শিথিলতা আৰু অবিচি চাকৰিৰ প্ৰাৰ্থীয়ে অতিৰিক্ত ৩ বছৰৰ বয়সৰ শিথিলতা লাভ কৰিব।

আৰু পঢ়ক – ভাৰতীয় বিমানবন্দৰত বিভিন্ন পদত নিযুক্তি, আজিয়ে আবেদন কৰক

আবেদন পদ্ধতি – এই ক্ষেত্ৰত আবেদন কৰিব বিচৰাসকলে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। প্ৰথমে চৰকাৰী অধিসূচনাৰ পৰা আবেদন পত্ৰখন ডাউনলোড কৰি প্ৰিন্ট কৰি উলিয়াওক, তাৰ পিছত আবেদন পত্ৰখন সঠিকভাৱে পূৰণ কৰক আৰু ইয়াৰ সৈতে প্ৰয়োজনীয় সকলো নথি-পত্ৰ xerox দ্বাৰা সংলগ্ন কৰক। তাৰ পিছত আবেদন পত্ৰৰ ওপৰত এখন ৰঙীন পাছপ’ৰ্ট আকাৰৰ ফটো সংলগ্ন কৰিব কৰক। সকলো সঠিকভাৱে পূৰণ হোৱাৰ পিছত আবেদন পত্ৰখন খাম এটাত ভৰাই নিজ নিজ ঠিকনাত জমা দিওক।

আবেদন মাচুল – ইয়াত চাকৰি প্ৰত্যাশীসকলে আবেদন মাচুল হিচাপে অনলাইনযোগে ১০০ টকা দিব লাগিব।

নিযুক্তি প্ৰক্ৰিয়া – নিযুক্তি মূলতঃ দুটা পদ্ধতিৰে হ’ব, প্ৰথমে চাকৰি প্ৰত্যাশীসকলে ৮০ নম্বৰৰ লিখিত পৰীক্ষা দিব লাগিব আৰু পিছত ২০ নম্বৰৰ দক্ষতা পৰীক্ষণ পৰীক্ষা হ’ব। উত্তীৰ্ণসকলক পিছত নিযুক্তি পত্ৰ দিয়া হ’ব।

অফলাইন আবেদন প্ৰ-পত্ৰ জমা দিবলৈ ঠিকনা – Assistant Director(Staff), O/o the Chief Postmaster General, Chhattisgarh Circle, Raipur-492001

আবেদনৰ অন্তিম তাৰিখ – ইয়াত আবেদন কৰিব বিচৰাসকলে ২০ জানুৱাৰী ২০২৪ৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

এই কামৰ বিষয়ে অধিক বিশদ তথ্য জানিবলৈ চৰকাৰী জাননী ডাউনলোড কৰি ভালদৰে পঢ়িব লাগিব। তলত লিংক দিয়া আছে –

Important Link –

Whatsapp ChannelFollow Now
OFFICIAL NOTICEDownload
OFFICIAL WEBSITEApply Here

3 thoughts on “ভাৰতীয় ডাক বিভাগত গ্ৰুপ ডি পদত নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment