দেশৰ আটাইতকৈ নিৰাপদ বেংক কোনটো, RBI-য়ে জনালে

WhatsApp Follow

Which is the safest bank in the country – এসময়ত দেশৰ সাধাৰণ নাগৰিকসকল বেংকৰ ওপৰত বিশেষ নিৰ্ভৰশীল নাছিল। আগতে বেছিভাগ মানুহেই সঞ্চয় কৰা ধন পকেটত বা বাকচত ৰাখিছিল। কিন্তু ইয়াৰ ফলস্বৰূপে তেওঁলোকে বিভিন্ন সময়ত চুৰি আৰু ডকাইতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ক্ৰমান্বয়ে বেংকৰ ব্যৱহাৰ বৃদ্ধি পালে। এতিয়া বেছিভাগ মানুহেই নিজৰ কষ্টোপাৰ্জিত ধন বেংকত ৰাখি শান্তিৰে শুই থাকে।

অৱশ্যে বিভিন্ন ঘটনাই বেংকত ৰখা ধনৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ বিভিন্ন নীতি-নিয়ম অমান্য কৰাৰ বাবে বেংকসমূহে প্ৰায়ে জৰিমনাৰে পৰা অনুজ্ঞাপত্ৰ বাতিল কৰালৈকে বিভিন্ন কাণ্ডৰ সন্মুখীন হ’বলগীয়া হয়। লগতে দেউলীয়াও হয়। এনে পৰিস্থিতিত বেংকত ধন ৰখাটো সম্পূৰ্ণ নিৰাপদ বুলি ক’ব নোৱাৰি। অৱশ্যে এনে ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে সদায় নিৰীক্ষণ কৰি থাকে।

আৰু পঢ়ক – RBI-য়ে বেংকত থকা কোটি কোটি বেনামী টকা নাগৰিকক দিব। কেনেকৈ পাব ?

এইবাৰো একেদৰে দেশৰ জনসাধাৰণক ভাৰতীয় ৰিজাৰ্ভ বেংকে অৱগত কৰিছে, দেশৰ কোনবোৰ বেংক আটাইতকৈ সুৰক্ষিত। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তালিকাভুক্ত বেংকত ধন জমা কৰাটোৱেই আটাইতকৈ নিৰাপদ। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘৰুৱা ব্যৱস্থাগতভাৱে গুৰুত্বপূৰ্ণ বেংক ২০২২ নামৰ এখন তালিকা প্ৰকাশ কৰিছে আৰু তাৰ পৰাই আটাইতকৈ সুৰক্ষিত বেংকৰ নাম জনা যায়।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তালিকা অনুসৰি আটাইতকৈ নিৰাপদ বেংক (India’s Safest Banks)ৰ তালিকাত তিনিটা বেংক আছে। সেই তিনিটা বেংকৰ ভিতৰত এটা চৰকাৰী বেংক আৰু বাকী দুটা ব্যক্তিগত বেংক। এই তিনিটা বেংকক আটাইতকৈ নিৰাপদ বুলি গণ্য কৰা হয়, কিয়নো এই বেংকসমূহ ঘৰুৱা ব্যৱস্থাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ ভিতৰতে সৰ্বাধিক নিৰাপদ বেংক হিচাপে ঘোষণা কৰা তিনিটা বেংকৰ তালিকাৰ শীৰ্ষত আছে ষ্টেট বেংক। যদিও দেশত কেইবাটাও চৰকাৰী বেংক আছে, তথাপিও চৰকাৰী বেংক হিচাপে এই তালিকাত স্থান লাভ কৰিছে ভাৰতীয় ষ্টেট বেংকে। আনহাতে, যদিও কেইবাটাও ব্যক্তিগত বেংক আছে, তথাপিও সেই বেংকসমূহৰ ভিতৰত কেৱল এইচ ডি এফ চি বেংক আৰু আই চি চি আই বেংকহে এই তালিকাত আছে।

2 thoughts on “দেশৰ আটাইতকৈ নিৰাপদ বেংক কোনটো, RBI-য়ে জনালে”

Leave a Comment