SBI-ৰ একাউণ্ট আছে নেকি ? ৩১ মাৰ্চৰ ভিতৰত এই কামটো কৰক !

WhatsApp Follow

SBI Special FD: যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপুনি ৩১ মাৰ্চৰ ভিতৰত ইয়াৰ সুবিধা ল’ব পাৰিব। ভাৰতীয় ষ্টেট বেংকে সাধাৰণ নাগৰিক আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ২ খন বিশেষ এফ ডি আঁচনিৰ শুভাৰম্ভ কৰে। য’ত বিনিয়োগ কৰিব তাত আপুনি সাধাৰণ এফডিতকৈ বেছি সুত পাব। তদুপৰি এই বছৰ বেংকে এফ ডিৰ সুতৰ হাৰ হ্ৰাস কৰিব পাৰে। গতিকে ৩১ মাৰ্চলৈকে এই বিশেষ এফ ডিত বিনিয়োগ কৰাৰ এক সুন্দৰ সুযোগ আছে। SBI ৰ এই ২ টা বিশেষ ফিক্সড ডিপজিট প্লেনৰ বিষয়ে জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ।

RBI-ৰ ২ টা বিশেষ FD

যদি আপুনি SBI-ৰ গ্ৰাহক হয় তেন্তে ইয়াৰ বিশেষ FD-ত বিনিয়োগ কৰি অধিক সুবিধা লাভ কৰিব পাৰিব। স্বাভাৱিক এফ ডিতকৈ অধিক সুত প্ৰদান কৰা দুখন বিশেষ আঁচনি আৰম্ভ কৰিছে SBI-য়ে। এই বিশেষ FD আঁচনিসমূহৰ নাম হৈছে ‘ অমৃত কালছ জমা আঁচনি ‘

অমৃত কলছ জমা আঁচনিঃ এবছৰৰ পৰা দুবছৰতকৈ কম টেন’ৰ থকা FD-ৰ ওপৰত SBI-য়ে ৬.৮০ শতাংশ সুতৰ হাৰ আগবঢ়াইছে। তাত আপুনি অমৃত কলছ জমা আঁচনিৰ ৪০০ দিনৰ FD ৰ ৭.১০% সুত পাব। আৰু যদি আপুনি এজন জ্যেষ্ঠ নাগৰিক তেন্তে আপুনি ৭.৬০ শতাংশ সুত পাব।

লগতে চাওক – প্ৰতিমাহে লাভ কৰক ৫০,০০০ৰ পৰা ১ লাখ টকা, এইদৰে আবেদন কৰক !

We Care Deposit Scheme: য’ত SBI এ ৫ বছৰৰ কাৰ্যকালৰ সৈতে সাধাৰণ FD-ৰ ওপৰত ৬.৫ শতাংশ সুতৰ হাৰ প্ৰদান কৰে। তাত আপুনি এই আঁচনিৰ ৭.৫ শতাংশ সুত পাব। অৰ্থাৎ জ্যেষ্ঠ নাগৰিকসকলে এই ফিক্সড ডিপ’জিট আঁচনিখনত সাধাৰণ এফ ডিতকৈ ১০০ বেছিছ পইণ্ট বা ১ শতাংশ বেছি সুত লাভ কৰিব। SBI এ এই আঁচনিখন কেৱল জ্যেষ্ঠ নাগৰিকৰ বাবেহে আৰম্ভ কৰিছে, গতিকে আপুনি জ্যেষ্ঠ নাগৰিক হ’লেহে ইয়াত বিনিয়োগ কৰিব পাৰিব। We Care Deposit Scheme ৰ কাৰ্যকাল নূন্যতম ৫ বছৰৰ পৰা সৰ্বাধিক ১০ বছৰলৈকে।

৩১ মাৰ্চৰ ভিতৰত এই কাম কৰক

SBI-ৰ অমৃত কলছ জমা আঁচনি আৰু উই কেয়াৰ জমা আঁচনিত বিনিয়োগ কৰাৰ শেষ তাৰিখ ২০২৪ চনৰ ৩১ মাৰ্চ। বৰ্তমান ভাৰতৰ বেছিভাগ বেংকে ফিক্সড ডিপ’জিটৰ ওপৰত উচ্চ সুতৰ হাৰ আগবঢ়াইছে। কিন্তু মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ বাবে সকলো বেংকৰ সুতৰ হাৰ হ্ৰাস পাব পাৰে। গতিকে ৩১ মাৰ্চৰ পূৰ্বে ষ্টেট বেংকৰ এই দুখন বিশেষ FD আঁচনিত বিনিয়োগ কৰি আপুনি লাভৱান হ’ব পাৰে।

আমেৰিকা, ভাৰত আৰু এনেধৰণৰ অন্যান্য দেশত মুদ্ৰাস্ফীতিৰ অবাধ। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.০৯ শতাংশ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াক ৪ৰ পৰা ৬ শতাংশৰ ভিতৰত ৰাখিবলৈ সদায় চেষ্টা কৰে। ২০২৪ চনৰ দ্বিতীয়াৰ্ধৰ পৰাই আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰিবলৈ আৰম্ভ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকেও এই একে পথ অনুসৰণ কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ আনিব পাৰে।

2 thoughts on “SBI-ৰ একাউণ্ট আছে নেকি ? ৩১ মাৰ্চৰ ভিতৰত এই কামটো কৰক !”

Leave a Comment