ষ্টেট বেংকে গ্ৰাহকক তৎক্ষণাত ঋণৰ সুবিধা, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

তাৎক্ষণিকভাৱে আৰু কিছু টকাৰ প্ৰয়োজনৰ বাবে আমাৰ জীৱনত বহু পৰিস্থিতিৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত টকাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আমি হয় কোনো ব্যক্তিৰ পৰা ঋণ লওঁ নহয় বেংকৰ পৰা ঋণ লওঁ। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক ঋণ প্ৰদানৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিবলৈ ওলাইছে। যদি আপোনাৰ এই বেংকত একাউণ্ট আছে তেন্তে গ্ৰাহকে অতি সহজ আৰু ক্ষীপ্ৰতাৰে ব্যক্তিগত ঋণ লাভ কৰিব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে যোগ্যতা, পৰিমাণ, সুতৰ হাৰ আদিৰ বিষয়ে সবিশেষ জানি লওক।

SBI দ্ৰুত ব্যক্তিগত ঋণৰ পৰিমাণ আৰু সুতৰ হাৰ

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক যি ব্যক্তিগত ঋণ প্ৰদান কৰিব সেয়া হ’ব ২৫ হাজাৰৰ পৰা ১৫ লাখ টকা। ঋণ লোৱা ধনৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকৰ পৰা বছৰি ১০.১০ শতাংশৰ পৰা ১৪.৬০ শতাংশলৈকে সুতৰ হাৰ লোৱা হয়। গ্ৰাহকে ঋণৰ ধনৰ ১.৫ শতাংশ প্ৰচেছিং মাচুল হিচাপে দিব লাগিব। এই ঋণ পৰিশোধ কৰিবলৈ গ্ৰাহকে সৰ্বাধিক ৬ বছৰ পাব।

আবেদনৰ যোগ্যতা

১) ভাৰতীয় ষ্টেট বেংকৰ পৰা এই ঋণ লাভ কৰিবলৈ গ্ৰাহকৰ বয়স ১৮ বছৰৰ ওপৰৰ হব লাগিব। ১৮ বছৰৰ ওপৰৰ যিকোনো গ্ৰাহকক এই আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য বুলি গণ্য কৰা হয়।
(২) এই আঁচনিৰ অধীনত ঋণ ল’বলৈ হ’লে আবেদনকাৰীৰ মাহিলী দৰমহা ১৫০০০ টকাৰ তলত হ’ব লাগিব।

আবেদন প্ৰক্ৰিয়া

১) ঋণৰ প্ৰ-পত্ৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰা সংগ্ৰহ কৰিব লাগে য’ত গ্ৰাহকৰ একাউণ্ট আছে। (২) ঋণৰ প্ৰ-পত্ৰ শুদ্ধ তথ্যৰে পূৰণ কৰিব লাগিব। এই ফৰ্মত আপুনি আপোনাৰ নাম, ঠিকনা, ফোন নম্বৰ, ঋণৰ পৰিমাণ, ঋণ পৰিশোধৰ সময় আৰু ইএমআইৰ পৰিমাণ শুদ্ধকৈ লিখিব লাগিব।

৩) ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপ’ৰ্ট, ঠিকনা প্ৰমাণ, ৩ মাহৰ বেংক ষ্টেটমেন্ট, দুখন শেহতীয়া দৰমহাৰ স্লিপ, শেহতীয়া দৰমহাৰ প্ৰমাণ পত্ৰ আদি এই প্ৰ-পত্ৰৰ লগত সংলগ্ন কৰিব লাগিব। যদিহে বেংকৰ শাখাত জমা হয় তেন্তে এই ঋণ বেংকৰ অনুমোদন লাভ কৰিব।অনলাইনৰ ক্ষেত্ৰত নিজ নিজ বেংকৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব।

লগতে চাওক – SBI-ৰ একাউণ্ট আছে নেকি ? ৩১ মাৰ্চৰ ভিতৰত এই কামটো কৰক !

ঋণ পৰিশোধৰ পৰিমাণ

ষ্টেট বেংকৰ এই আঁচনিৰ জৰিয়তে যদি কোনো গ্ৰাহকে ২ লাখ টকাৰ ঋণ লয় তেন্তে তেওঁ ১১ শতাংশ সুতৰ হাৰত ৪৩৪৮ টকাৰ মাহিলী ই এম আই ৰাশি দিব লাগিব। অৰ্থাৎ পাঁচ বছৰৰ পাছত তেওঁ দিয়া সুতৰ পৰিমাণ হ’ব ৬০৯০৯ টকা। অৰ্থাৎ ২ লাখ টকাৰ ঋণ ল’লে গ্ৰাহকে পাঁচ বছৰৰ পাছত ২ লাখ ৬০ হাজাৰ ৯০৯ টকা পৰিশোধ কৰিব লাগিব। একে সুতৰ হাৰত ৫ লাখ টকাৰ ঋণ ল’লে মাহিলী সুতৰ পৰিমাণ হ’ব ১০৮৭১ টকা। সেই হিচাপে গ্ৰাহকে ৫ বছৰৰ বাবে প্ৰতিমাহে সুত দিবলগীয়া হয়।

পেনাল্টি

গ্ৰাহকে সময়মতে ইএমআই পৰিশোধ কৰিব নোৱাৰিলে বেংকে ২৫০ টকা জৰিমনা আৰোপ কৰিব পাৰে। কেৱল এয়াই নহয়, নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট ১৮৮১ৰ ইউ/এছ ১৩৮ অনুসৰি গ্ৰাহকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

1 thought on “ষ্টেট বেংকে গ্ৰাহকক তৎক্ষণাত ঋণৰ সুবিধা, কেনেকৈ আবেদন কৰিব !”

Leave a Comment