খেতি কৰি ১০ লাখ টকা উপাৰ্জন কৰক, জানক প্লামৰ খেতিৰ পদ্ধতি !

WhatsApp Follow

PLUM FARMING BUSINESS: আজিকালি কৃষকসকলে মূল শস্য (যেনে: ধান, ঘেঁহু ইত্যাদি)ৰ বাহিৰেও অন্যান্য শস্যৰ খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে। আজি আমি এনে এটা খেতিৰ বিষয়ে আলোচনা কৰিম। যি খেতি কৰি সহজে ১০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। অসমত ইয়াৰ খেতি বহুলভাৱে কৰা হোৱা নাছিল যদিও এতিয়া বিভিন্ন ঠাইত প্লামৰ বাগিচা দেখা গৈছে। আপুনিও যদি প্লামৰ খেতি কৰিব বিচাৰে তেনেহলে এই প্রতিবেদন সম্পূৰ্ণ পঢ়ক –

প্লাম খেতি !

যদি আপুনি প্লাম খেতি কৰিব বিচাৰে তেন্তে প্ৰথমে ইয়াৰ বাবে উপযুক্ত মাটি বাছি ল’ব লাগিব, তাৰ পিছত পুলি ৰোপণ কৰি যত্ন ল’ব লাগিব। তলত প্লাম খেতিৰ সম্পূৰ্ণ পদ্ধতি চাওক –

প্লাম খেতিৰ বাবে মাটি নিৰ্বাচন !

যিকোনো ধৰণৰ মাটিত প্লাম সন্তোষজনক উৎপাদন লাভ কৰিব পাৰি। কিন্তু যদি আপুনি গধুৰ আৰু সামান্য ক্ষাৰকীয় বালিচহীয়া লোম মাটিত প্লাম খেতি কৰে তেন্তে আপুনি ভাল উৎপাদন পাব। গৰম আৰু শুকান জলবায়ুত প্লাম বেছি ভাল হয়। কিন্তু অতিৰিক্ত বৰষুণ গছ-গছনিৰ বাবে ক্ষতিকাৰক।

পুলি ৰোপণৰ পদ্ধতি !

মধ্য-মাঘৰ পৰা মধ্য-চৈত্ৰলৈ আৰু মধ্য-শ্ৰাৱণৰ পৰা মধ্য-ভদ্ৰালৈকে ৰোপণ কৰিব পাৰে। বীজ আৰু কলমৰ জৰিয়তে পুলিৰ বংশবৃদ্ধি কৰিব পাৰি। কলমৰ পুলিয়ে সোনকালে ফল দিয়ে। ৬-৭ মিটাৰ দূৰত্বত গছপুলি ৰোপণ কৰিব লাগিব। ৰোপণৰ ১০-১৫ দিন আগতে ২৫ কেজি পচি যোৱা গৰুৰ গোবৰ, টি এছ টি, পটাছ আৰু জিপচম সাৰ, ২৫০ গ্ৰামকৈ গাঁতৰ মাটিত মিহলাই দিব লাগিব ।

লগতে চাওক – কৃষি কামৰ বাবে নহব মাটিৰ প্রয়োজন, ঘৰতেই এই খেতি কৰি কোটি টকা উপার্জন কৰক

গছ পুলিৰ যতন কেনেকৈ ল’ব ?

গছপুলি ৰোপণৰ পিছত গছৰ গুৰিতে নিয়মীয়াকৈ পানী দিব লাগে। লগতে বছৰত দুবাৰকৈ সাৰ প্ৰয়োগ কৰিব লাগিব। প্ৰথম কিস্তি মে’-জুন মাহত আৰু দ্বিতীয় কিস্তি ফল দিয়াৰ লগে লগে অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত প্ৰয়োগ কৰিব লাগিব। নিয়মীয়াকৈ ঘাঁহ কাটিব লাগিব। গছৰ অপ্ৰয়োজনীয় ডাল কাটিব লাগিব। ৰোগ আৰু পোক-পৰুৱাৰ আক্ৰমণ হ’লে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

খেতি কৰিলে ১০ লাখ টকা উপাৰ্জন কৰিব পাৰিব !

প্লাম ফলবোৰ সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰিব লাগিব। প্ৰতিটো গছৰ পৰা ১০০ৰ পৰা ১৫০ কিলোগ্ৰাম ফল পোৱা যায়। প্লামৰ মূল্য প্ৰতি কেজিত ৮০ টকাৰ পৰা ১৫০ টকালৈকে। তেতিয়া ১০০ খন ফলৰ বাগিচা থাকিলেও আপুনি ১০ৰ পৰা ১৫ কুইণ্টন ফল পাব। যিটো বজাৰত সহজে ৮ৰ পৰা ১৫ লাখ টকাত বিক্ৰী কৰিব পাৰিব।

Leave a Comment