Indian Railway বহু সংখ্যক নিযুক্তি, দৰমহা ২৫,৫০০/- টকা

WhatsApp Follow

Railway Recruitment 2024 – নতুন বছৰত জাৰি কৰা হৈছে ৰেলৱে নিযুক্তি ২০২৪ৰ অধিসূচনা। সেই ক্ষেত্ৰত আপোনালোকৰ যিসকলে নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি চাকৰি বিচাৰিছে আৰু ৰেল বিভাগত কাম কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে এইটো এটা ডাঙৰ সুযোগ। একেলগে কেইবাতটাও ক্ষেত্ৰত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। এতিয়াই সবিশেষ জানি লওক যাতে ইমান ভাল প্লেচমেণ্ট যাতে হেৰুৱাব নালাগে।

নিযুক্তি সংস্থা – উত্তৰ ৰেলৱে সংমণ্ডলত ৰেলৱে নিযুক্তি কোষ অৰ্থাৎ RRC-ৰ তত্বাৱধানত নিযুক্তি কৰা হ’ব।

আবেদন পদ্ধতি – ইয়াত অনলাইন আবেদন কৰিব পাৰিব।

১/ পঞ্জীয়ন কৰক আৰু অফিচিয়েল অনলাইন আবেদন লিংকত ক্লিক কৰি সকলো সবিশেষ তথ্যৰে ফৰ্ম পূৰণ কৰক।

২) অনলাইন পঞ্জীয়নৰ বাবে আপোনাৰ এটা বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল দিয়ক।

৩) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৪/ আপোনাৰ সকলো নথি-পত্ৰৰ সৈতে পাছপ’ৰ্টৰ আকাৰৰ ফটো, স্বাক্ষৰ আদি আপলোড কৰক।

৫) শেষত submit বুটামত ক্লিক কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

আৰু পঢ়ক – ভাৰতীয় বায়ুসেনাৰ নিযুক্তি, দৰমহা ৩০,০০০/- টকা

পদৰ নাম – নিযুক্তিৰ পিছত আবেদন কৰা প্ৰাৰ্থীসকলক ক্ৰীড়া কোটাত ক্ৰীড়া ব্যক্তি হিচাপে নিযুক্তি দিয়া হ’ব। তেনে ক্ষেত্ৰত কেইবাবিধো ক্ষেত্ৰ আছে য’ত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব, যিবোৰ চৰকাৰী অধিসূচনাত দিয়া হৈছে।

শিক্ষাগত অৰ্হতা – অন্ততঃ হাইস্কুলত উত্তীৰ্ণ হ’লে প্ৰাৰ্থীয়ে নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব। উচ্চ পৰ্যায়ৰ পদত আবেদন কৰিবলৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ বছৰ বয়সৰ নূন্যতম প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সৰ্বোচ্চ বয়স ২৫ বছৰ থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

মাহেকীয়া দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ মাহিলী দৰমহা ২৫,৫০০/- টকাৰ পৰা আৰম্ভ হ’ব।

আবেদনৰ অন্তিম তাৰিখ – ৩০/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। তলত চৰকাৰী অধিসূচনা আৰু অন্যান্য লিংক দিয়া হ’ল।

Important Links

Official NotificationClick Here
Official Website/ Apply OnlineClick Here 

1 thought on “Indian Railway বহু সংখ্যক নিযুক্তি, দৰমহা ২৫,৫০০/- টকা”

Leave a Comment