কেঁচা জলকীয়া নে শুকান জলকীয়া ? শৰীৰৰ বাবে কোনবিধ বেছি উপকাৰী ?

WhatsApp Follow

( Raw pepper or dried pepper? Which is more beneficial for the body? ) কেঁচা জলকীয়াই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত, হজম প্ৰক্ৰিয়াক উন্নত কৰাত আৰু ভিটামিন ই আৰু চি থকাৰ বাবে ছালৰ স্বাস্থ্যৰ উন্নতি কৰাত সহায় কৰে ।

আমি কেঁচা জলকীয়া আৰু শুকান জলকীয়া দুয়োবিধে খাওঁ । দুয়োবিধৰে উপকাৰিতা আছে । দুয়োবিধৰ সোৱাদো কিছু পৃথক । কিন্তু সোৱাদেই নহয়, জলকীয়াৰ আছে বহু স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতা ।

বিশেষজ্ঞৰ মতে, জলকীয়াৰ দুয়োবিধতে কেপচাইছিন থাকে । কেপচাইছিন হ’ল সেই যৌগ যিয়ে মুখত পানী আনি দিয়ে । ই প্ৰদাহ কমোৱাত সহায় কৰে, যিটো সাধাৰণতে কেঞ্চাৰসহ বেছিভাগ ৰোগৰ বাবে এতিয়া দায়ী । যি জলকীয়া বেছি চোকা সি বেছি কেপচাইছিন সৰবৰাহ কৰে ।

কেপচাইছিনে কলেষ্টেৰলৰ সংখ্যা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে আৰু অক্সিডেটিভ ষ্ট্ৰেচো নিয়ন্ত্ৰণত ৰাখে । আৰু এই দুয়োটাই কাৰ্ডিয়াৰ ৰোগৰ কাৰণ ।

জলকীয়াৰ ৰঙা জাতত বিটা-কেৰাটিন আৰু ভিটামিন এ বেছি থাকে, এই কাৰণেই ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । ই হাওঁফাওঁ, প্ৰস্ৰাৱ আৰু অন্ত্ৰত তেজ জমা হোৱাৰ পৰা দূৰত ৰাখে ।

আনহাতে, সেউজীয়া জলকীয়াত পানীৰ পৰিমাণ বেছি থাকে আৰু ইয়াত কেলৰিৰ পৰিমাণ থাকে শূন্য । যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে কেঁচা জলকীয়া ভাল । এই জলকীয়াত প্ৰচূৰ পৰিমাণে বিটা-কেৰোটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে ।


আৰু পঢ়ক
ঠাণ্ডা নে গৰম ? গাখীৰ কেনেকৈ খালে স্বাস্থ্যৰ বাবে উপকাৰী !
পনীৰ আৰু কণী একেলগে খালে শৰীৰৰ ওজন বাঢ়ে নে কমে ?


কেঁচা জলকীয়াই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত, হজম প্ৰক্ৰিয়াক উন্নত কৰাত আৰু ভিটামিন ই আৰু চি থকাৰ বাবে ছালৰ স্বাস্থ্যৰ উন্নতি কৰাত সহায় কৰে । ইয়াৰ উপৰি হাৰ্ট সুস্থ ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে ।

আমেৰিকান এছ’চিয়েচন ফৰ কেঞ্চাৰ ৰিছাৰ্চৰ মতে, জলকীয়াৰ কেপচাইছিন আৰু এণ্টিঅক্সিডেণ্ট লিউকেমিয়া আৰু প্ৰোষ্টেটে কেঞ্চাৰৰ কোষক মাৰি পেলাব পাৰে । আৰু সেয়া সম্ভৱ হয় মূলতঃ উচ্চ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যৰ বাবে ।

ৰঙা আৰু সেউজীয়া দুয়োবিধ জলকীয়া খোৱাৰ সৰ্বোত্তম উপায় হ’ল সেইবোৰ কেঁচা অৱস্থাত খোৱা । ইয়াৰ পৰা জলকীয়া গুৰিত যি ভেজাল বা কৃত্ৰিম ৰং মহলি কৰা হয় তাৰ পৰা মুক্তি পাব ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment