ৰেলৱেত ৫০০০ অধিক কৰ্মচাৰী নিযুক্তি, দৰমহা ৪০,০০০/- টকা

WhatsApp Follow

Recruitment of more than 5000 employees in Railways – আজিকালি কোনে ভাল চাকৰি এটা পাই নিজৰ ভৰিৰ ওপৰত থিয় হ’ব নিবিচাৰে? আপুনিও নিশ্চয় বিচাৰে। আপুনিও বহুদিন ভাল চাকৰি বিচাৰি আছে নেকি, ভাৰতীয় ৰেলৱেত কাম কৰিবলৈও ইচ্ছুক নেকি? তেতিয়া আপোনাৰ বাবে এটা ডাঙৰ খবৰ।

কেৱল মধ্যমিক পৰীক্ষ উত্তীৰ্ণ হ’লেও আপুনি ৰে’লৱেৰ চাকৰিৰ বাবে আবেদন কৰাৰ সুযোগ পাব। হয়, আপুনি ঠিকেই শুনিছে। জনা গৈছে যে ৰেলৱেই হাজাৰ হাজাৰ কৰ্মচাৰী নিয়োগ কৰিবলৈ ওলাইছে। ৰেলৱেই ৫৫০০ৰো অধিক পদ নিযুক্তি দিব। আৰু দৰমহা ৪০ হাজাৰৰ পৰা আৰম্ভ হ’ব। সপোন যেন লাগিলেও সঁচা।

শেহতীয়াকৈ ৰেলৱে নিযুক্তি ব’ৰ্ডে এক অধিসূচনা জাৰি কৰিছে। ষ্টেচন মাষ্টাৰ আৰু সহকাৰী ষ্টেচন মাষ্টাৰ পদত নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। খবৰ পোৱা গৈছে যে ভাৰতীয় ৰেলৱেই ষ্টেচন মাষ্টাৰ আৰু এচিষ্টেণ্ট ষ্টেচন মাষ্টাৰ পদৰ বাবে ৫৫০০ কৰ্মচাৰী নিয়োগ কৰিবলৈ ওলাইছে। যদি আপুনি এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে ৰেলৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব লাগিব। আৰু ৰেলৱেৰ এই অফিচিয়েল ৱেবছাইটটো হৈছে www.rrbcdg.gov.in।

আৰু পঢ়ক – Oil India-ত এপ্ৰেণ্টিছ নিযুক্তি, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ

জাননী অনুসৰি প্রথমে প্রার্থীগৰাকীয়ে লিখিত পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব আৰু তাৰ পাছত সাক্ষাৎকাৰৰ পাছত উপযুক্ত প্রার্থী নিযুক্তি দিয়া হ’ব৷ ৫৯৬ জন লোকক ষ্টেচন মাষ্টাৰ হিচাপে নিযুক্তি দিয়া হ’ব আৰু প্ৰায় ৫০০০ লোকক সহকাৰী ষ্টেচন মাষ্টাৰ হিচাপে নিযুক্তি দিয়া হ’ব।

এতিয়া আপুনি নিশ্চয় ভাবিছে যে এই দুটা আকৰ্ষণীয় পদত আবেদন কৰিবলৈ প্ৰাৰ্থীজনক কিমান শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন? গতিকে আপোনালোকক জনাওঁ যে আকাংক্ষী গৰাকীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা মধ্যমিক উত্তীৰ্ণ বা সমতুল্য পাছৰ দশম মান উত্তীৰ্ণ হ’ব লাগিব। কিন্তু যদি আপোনাৰ আই টি আই ডিগ্ৰী আছে তেন্তে আপোনাক বিশেষ অগ্ৰাধিকাৰ দিয়া হ’ব। সহকাৰী ষ্টেচন মাষ্টৰৰ ক্ষেত্ৰত ই প্ৰযোজ্য।

কেৱল এয়াই নহয়, আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগে আৰু যদি আপুনিও ষ্টেচন মাষ্টাৰ পদৰ বাবে আবেদন কৰাৰ কথা ভাবিছে তেন্তে আপুনি ১৮ৰ পৰা ৪২ বছৰৰ ভিতৰত হ’ব লাগে। ষ্টেচন মাষ্টাৰ পদৰ বাবে মূল দৰমহা ৩৬,৫০০ টকাৰ পৰা ৪১,০০০ টকা। সহকাৰী ষ্টেচন মাষ্টাৰসকলৰ মূল দৰমহা হ’ব ৩৫ হাজাৰ ৪০০ টকা। অৱশ্যে নিযুক্তি প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ’ব সেই সন্দৰ্ভত ৰে’লৱে অৱগত কৰা নাই। অৱশ্যে অতি সোনকালে ৰে’লৱেই আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে বুলি জনা গৈছে।

Leave a Comment