ষ্টেট বেংকৰ পৰা বাইক কিনিবলৈ ঋণ ল’ব বিচাৰেনে ? প্ৰতিমাহে কিমান EMI দিব লাগিব জানি লওক !

WhatsApp Follow

SBI Super Bike Loan Scheme: যদি আপুনি নতুন বাইক কিনাৰ কথা ভাবিছে আৰু আপোনাৰ হাতত বাইক কিনিবলৈ পৰ্যাপ্ত ধন নাই , তেন্তে SBI ৰ পৰা বাইক লোন লব পাৰিব। ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ এছ বি আই ছুপাৰ বাইক লোন আঁচনিৰ পৰা আপুনি বাইক ক্ৰয়ৰ বাবে ঋণ ল’ব পাৰিব। এই ঋণৰ বাবে আবেদন কৰিব পাৰিবনে? কিমান সুত দিব লাগে? এই বিষয়ে অধিক জানিব পাৰিব আজিৰ প্ৰতিবেদনত। লগতে জানো, যদি আপুনি প্ৰতিমাহে ১.৫০ টকাৰ ঋণ লয়, তেন্তে আপুনি প্ৰতিমাহে কিমান ইএমআই দিব লাগিব?

এছ বি আইৰ চুপাৰ বাইক ঋণ আঁচনি
ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক বাইক ক্ৰয়ৰ বাবে ঋণ প্ৰদান কৰে। এছ বি আইৰ এনে এখন বাইক লোন আঁচনিৰ নাম হৈছে SBI Super Bike Loan Scheme ৷ ইয়াৰ বাবে বাহনখনৰ অন-ৰোড মূল্যৰ নূন্যতম ১৫ শতাংশ মাৰ্জিন লাগিব। ঋণ আবেদনকাৰীৰ বয়স ২১ বছৰৰ পৰা ৫৭ বছৰৰ ভিতৰত হ’ব লাগে। ইয়াৰ পৰা নূন্যতম ১.৫০ লাখৰ পৰা সৰ্বাধিক ২৫ লাখলৈকে ঋণ ল’ব পাৰিব। ঋণ পৰিশোধ কৰিবলৈ সৰ্বাধিক সময় ৪ বছৰ।

আঁচনিৰ নামএছ বি আইৰ চুপাৰ বাইক ঋণ আঁচনি
ঋণ প্ৰদানকাৰীভাৰতীয় ষ্টেট বেংক (SBI)
নূন্যতম ঋণৰ পৰিমাণ১.৫০ লাখ টকা
সৰ্বোচ্চ ঋণৰ পৰিমাণ২৫.০০ লাখ টকা
ঋণ পৰিশোধৰ সময়সীমাসৰ্বাধিক ৪ বছৰ
ঋণ আবেদনকাৰীৰ বয়স২১ – ৫৭ বছৰ

SBI চুপাৰ বাইক ঋণৰ সুতৰ হাৰ
ঋণ আবেদনকাৰীৰ চিবিআইএল স্ক’ৰ আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি এছবিআই ছুপাৰ বাইক লোনৰ সুতৰ হাৰ সাধাৰণতে ১২.১৫ শতাংশৰ পৰা ২০.৪০ শতাংশৰ ভিতৰত থাকে। যদি আপুনি দৰমহা পোৱা ব্যক্তি নহয়, কিন্তু তথাপিও ভাল চিভিল স্ক’ৰ আছে, তেন্তে আপুনি এই ষ্টেট বেংকৰ ঋণ বাৰ্ষিক ১৩.১৫ শতাংশ সুতৰ হাৰত লাভ কৰিব পাৰে। SBI Super Bike Loan ৰ সুতৰ হাৰ তলৰ তালিকাত বিতংভাৱে উল্লেখ কৰা হৈছে।

লগতে চাওক – ঘৰৰ পৰাই মাহে ২০ হাজাৰ টকা উপাৰ্জন কৰক, ডাকঘৰৰ বাম্পাৰ আঁচনি !

CIBIL স্ক’ৰদৰমহা পোৱা গ্ৰাহক / প্ৰতিৰক্ষা / পেঞ্চনাৰআন কিছুমান
>=৭৪১৩.৫০% + ১ বছৰৰ এমচিএলআৰ১২.১৫%৪.৫০ + ১ বছৰৰ এমচিএলআৰ১৩.১৫%
৭৩১-৭৪০৫.০০% + ১ বছৰৰ এমচিএলআৰ১৩.৬৫%৬.০০ + ১ বছৰৰ এমচিএলআৰ১৪.৬৫%
৭০০-৭৩০ আৰু (ক্ৰেডিটলৈ নতুন)১০.৭৫% + ১ বছৰৰ এমচিএলআৰ১৯.৪০%১১.৭৫ + ১ বছৰৰ এমচিএলআৰ২০.৪০%

১.৫০ লাখ টকাৰ ঋণৰ বাবে প্ৰতিমাহে কিমান ইএমআই দিব লাগে?
ধৰি লওক আপুনি ষ্টেট বেংকৰ এছ বি আই ছুপাৰ বাইক লোন আঁচনিৰ পৰা ১.৫০ লাখ টকাৰ ঋণ ১৩.১৫ শতাংশ সুতৰ হাৰত বাইক কিনিবলৈ পাইছে ৷ গতিকে ই এম আই কেলকুলেটৰ অনুসৰি যদি আপুনি ২ বছৰৰ ঋণ পৰিশোধৰ সময় বাছি লয় তেন্তে প্ৰতিমাহে ৭,১৪২ টকা ই এম আই দিব লাগিব। এই ক্ষেত্ৰত আপুনি মুঠ ১,৭১,৪০৪ টকা দিব লাগিব। অৰ্থাৎ ২১,৪০৪ টকা সুত দিব লাগিব।

যদি আপুনি ৩ বছৰত একে পৰিমাণৰ ঋণ পৰিশোধ কৰে তেন্তে প্ৰতিমাহে ৫,০৬৫ টকা ইএমআই দিব লাগিব। এই ক্ষেত্ৰত আপুনি মুঠ ১,৮২,৩৩৮ টকা দিব লাগিব। অৰ্থাৎ মুঠ সুত ৩২,৩৩৮ টকা দিব লাগিব। আকৌ যদি আপুনি এই ঋণ ৪ বছৰত পৰিশোধ কৰিব বিচাৰে, তেন্তে আপুনি প্ৰতিমাহে ৪০৩৫ টকাৰ ইএমআই দিব লাগিব। এই ক্ষেত্ৰত আপুনি মুঠ ১,৯৩,৬৯৪ টকা দিব লাগিব। অৰ্থাৎ ইয়াৰ ওপৰত মুঠ ৪৩,৬৯৪ টকা সুত দিব লাগিব।

SBI Super Bike Loan ৰ বাবে আবেদন কৰিব পাৰিবনে ?
যদি আপুনি এজন ৰাজ্যিক/কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, বা কোনো ৰাজহুৱা খণ্ডৰ উদ্যোগ, নিগম, ব্যক্তিগত খণ্ডৰ কোম্পানী আৰু সুনামধন্য সংস্থাৰ নিয়মীয়া কৰ্মচাৰী, তেন্তে আপুনি ষ্টেট বেংকৰ পৰা এই ঋণৰ বাবে আবেদন কৰিব পাৰে। লগতে ব্যৱসায়ী আৰু কৃষি আৰু সংশ্লিষ্ট কামত নিয়োজিত ব্যক্তিসকলেও এছ বি আই ছুপাৰ বাইক ঋণৰ বাবে আবেদন কৰিব পাৰে । এছ বি আইৰ এই ঋণ আঁচনিৰ বাবে আবেদন কৰিবলৈ দৰমহাপ্ৰাপ্ত/পেঞ্চনাৰ ব্যক্তি আৰু ব্যৱসায়ীসকলৰ বাৰ্ষিক আয় নূন্যতম ৩ লাখ টকা হ’ব লাগে। আৰু কৃষকসকলৰ বাৰ্ষিক আয় ৪ লাখ টকা হ’ব লাগে। কৃষকৰ ক্ষেত্ৰত আয়কৰ ৰিটাৰ্ণৰ প্ৰয়োজন নাই।

Leave a Comment