Sports Authority of India নিযুক্তি, দৰমহা ৫০,০০০/- টকা

WhatsApp Follow

ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই SAI Recruitment 2024 ৰ অধিসূচনা প্ৰকাশ কৰিছে। সেই ক্ষেত্ৰত একে সময়তে কেইবাটাও খালী পদত নিযুক্তি দিয়া হৈছে য’ত আপুনি সহজেই আবেদন কৰিব পাৰে। দীৰ্ঘদিন ধৰি ভাল চাকৰিৰ সন্ধানত নিবনুৱা সমস্যাত ভুগি থকা আপোনালোকৰ বাবে এয়া এক সোণালী সুযোগ। সবিশেষ তলত দিয়া হ’ল –

নিযুক্তি সংস্থা – ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে।

পদৰ নাম – এই নিযুক্তিৰ জৰিয়তে SAI এ ইয়ং প্ৰফেচনেল (Sports Authority of India) পদ পূৰণ কৰিব।

দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ মাহিলী গড় দৰমহা ৫০,০০০/- টকাৰ পৰা আৰম্ভ।

আবেদন পদ্ধতি – আপুনি অনলাইন আবেদন কৰিব পাৰিব।

১/ অফিচিয়েল অনলাইন এপ্লিকেচন লিংকত ক্লিক কৰি অনলাইন ৰেজিষ্ট্ৰেচন আৰু ফৰ্মখন আপোনাৰ সকলো সবিশেষৰ সৈতে সম্পূৰ্ণ কৰক।

২) নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল, শিক্ষাগত অৰ্হতা, বয়স, লিংগ, ঠিকনা, শ্ৰেণী ইত্যাদি দিব।

৩/ আপোনাৰ ৰঙীন পাছপ’ৰ্টৰ আকাৰৰ ফটো, চহী আদি এটা এটাকৈ আপলোড কৰক।

৪) শেষত submit বুটামটোত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰখন প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখিব।

আৰু পঢ়ক – ইণ্ডিয়ান অইলৰ নিযুক্তি, আজিয়ে আবেদন কৰক

শিক্ষাগত অৰ্হতা – কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ বা সংশ্লিষ্ট ক্ষেত্ৰৰ আন যিকোনো শিক্ষাগত অৰ্হতা।

প্ৰাৰ্থীৰ বয়সৰ সীমা – উচ্চ বয়সৰ সীমা ৩২ বছৰ। অৰ্থাৎ বয়স এই বয়সৰ তলৰ হ’লে আবেদনখন যোগ্য বুলি গণ্য কৰা হ’ব।

আবেদনৰ অন্তিম তাৰিখ – ০৫/০২/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationClick Here 
Official WebsiteClick Here 
Apply OnlineClick Here 

Leave a Comment