( These 5 things to do to brighten your skin on a hot day ) গৰম দিনত ছালৰ ক্ষেত্ৰত লব লাগে বিশেষ যতন । প্ৰখৰ ৰদে আপোনাৰ কোনল ছালখনত বিশেষ প্ৰভাৱ পেলাব পাৰে । ঘৰতে কিছু উপকৰন ব্যৱহাৰ কৰি নিজৰ ছালখনক কৰি তোলক উজ্বল । কিন্তু কেনেকৈ ?
মুলতানী মাটি, গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পাণীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব ।
তিয়হ, নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব ।
গাখীৰ, মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব ।
মচুৰ দাইল, প্ৰথমতে গাখীৰত তিয়াই কোমল কৰি ল’ব লাগে ৷ কোমল মচুৰ দাইলখিনি ভালদৰে পিহি মৌ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে ৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত দূৰ কৰাত সহায় কৰে ৷
বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি ৷
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।