সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে | Home remedies for frequent urination

WhatsApp Follow

বহু সময়ত মানুহে এনে সমস্যাৰ সন্মুখীন হয়, যত সঘনাই প্ৰস্ৰাৱ লগাৰ অনুভৱ কৰে আৰু বাৰে বাৰে শৌচাগাৰলৈ যোৱা দেখা যায় । এই ক্ষেত্ৰত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা দেখা যায়, কেতিয়াবা সংক্ৰমণৰ বাবে এনে হয় । আৰু কেতিয়াবা জ্বলা-পোৰাৰ লগতে পেটৰ তলৰ অংশত বিষৰ দৰে সমস্যাও অতি সাধাৰণ । সংক্ৰমণৰ উপৰিও যিসকল লোকে পৰ্যাপ্ত পৰিমাণে পানী নাখায়, তেওঁলোকৰ প্ৰস্ৰাৱত জ্বলা-পোৰাৰ অনুভৱ হ’ব পাৰে । প্ৰতিজন ব্যক্তিয়ে দৈনিক কমেও ডাঙৰ গিলাচৰে ৮ গিলাচ বা তিনি লিটাৰ পৰ্যন্ত পানী খাব লাগে । কেতিয়াবা অধিক মছলা খালে প্ৰস্ৰাৱত জ্বলা-পোৰা হোৱা দেখা যায় । গতিকে এনে ধৰণৰ সমস্যাবোৰ কিছুমান ঘৰুৱা উপায়ৰে অতি সহজে নাইকীয়া কৰিব পৰা যায় । সেইবোৰ হৈছে –

নাৰিকলৰ পানী খাব লাগে, প্ৰস্ৰাৱৰ সৈতে জড়িত কিবা সমস্যা হ’লে নিয়মিতভাৱে নাৰিকলৰ পানী সেৱন কৰিব লাগে । নাৰিকলৰ পানীত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস দেখা যায় । ইয়াৰ লগতে ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰো কাম কৰে । যদি নিয়মিতভাবে নাৰিকলৰ পানী খাই তেনেহ’লে প্ৰস্ৰাৱত জ্বলা-পোৰা হোৱা সমস্যাটো নাইকীয়া হ’ব ।

ফলৰ ৰস খাব লাগে, ঋতু অনুসৰি ফলৰ ৰস খাব লাগে । ইয়াৰ লগতে অধিক পৰিমাণে সেউজীয়া শাক-পাচলি সেৱন কৰিব লাগে । ফলমূলৰ ৰস আৰু সেউজীয়া শাক-পাচলিয়ে আপোনাৰ শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰাৰ লগতে পানীৰ মাত্ৰা বজাই ৰাখিবলৈ সহায় কৰে ।

প্ৰচুৰ পৰিমাণে পানী খাব লাগে, প্ৰস্ৰাৱত জ্বলা-পোৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিব লাগিব । নেমু পানী আৰু পদিনা ব্যৱহাৰ কৰিলে সংক্ৰমণ বৃদ্ধি হোৱা ৰোধ কৰিব পৰা যায ।

আৰু পঢ়ক-

নহৰু ব্যৱহাৰ কৰক, প্ৰস্ৰাৱ জ্বলা-পোৰা হোৱা আৰু সংক্ৰমণ দূৰ কৰিবলৈ নহৰুৰ সেৱন কৰিব পাৰে । ইয়াত এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে বীজাণুৰ বিৰুদ্ধে যুঁজ কৰাৰ কাম কৰে আৰু লগতে সংক্ৰমণ দূৰ কৰাত নহৰু অতি সহায়ক হিচাপে জনা যায় ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

8 thoughts on “সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে | Home remedies for frequent urination”

Leave a Comment