ৰাশিফল পাবলৈ Follow কৰক
Follow
চিৰা, যেতিয়া আমাৰ ঘৰতে খাবলৈ একোয়ে নাথাকে তেতিয়া আমি চিৰা খাও। কেতিয়াবা আমাৰ ঘৰত আলহি আহিলে চাহ লগত চিৰা দিও। কিন্তু বেছিভাগ ঘৰতে এই চিৰা বজাৰৰ পৰা কিনি আনে, আজি এই আর্টিকেলটোৰ জৰিয়তে চিৰা ঘৰতে কেনেকৈ বনাব সেই বিষয়ে আলোচনা কৰিম। সেই বাবে সম্পূর্ণ পঢ়িব –
কি কি ধানৰ চিৰা খুন্দিব পাৰি ?
- বৰা
- চকোৱা
- মালভোগ
- খামতি শালি
- লাউডুগী
- ৰাঁচ
- জহা
চিৰা কেনেকৈ খুন্দিব লাগে ?
ধানখিনি চাৰি-পাঁচ দিন পানীত তিয়াই থ’ব। ৪/৫ দিনৰ পাছত ধানখিনি টুকি, নিৰহ কৰি একাজলি একাজলি কৰি ভাজি ঢেঁকীত খুন্দিব। ধান ভাজোঁতে লৰণীৰে লৰাই থাকিব, আৰু এটা-দুটা ফুটিলৈই নমাই ঢেঁকীত দিব। ঢেঁকীৰ চাব ঘনাই মাৰিব। এডাল ৰোকনীৰে বা বাঁহৰ মাৰিৰে, ভজা ধানখিনি ঢেঁকীত খুন্দোতে, মাজে মাজে ঘনাই খুচৰি দিব। এইদৰে গোটেইখিনি ধান খুন্দিব। চিৰাখিনি খুন্দি ভালকৈ জাৰি ধানবোৰ বাছিব। মাটিৰ নতুন কলহত নাইবা নদীয়াত মুখ বন্ধ কৰি থৈ দিব।