এই লক্ষণে বুজি পাব যে অকল আপোনাক ব্যৱহাৰ কৰিব বিয়া নাপাতে !

WhatsApp Follow

বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে। কিন্তু সম্পৰ্কটো যেন এঠাইত আবদ্ধ হৈ আছে। আগলৈ যোৱা নাই, পিছলৈ যোৱা নাই। সম্পৰ্কৰ ভৱিষ্যতক লৈ সন্দেহ। গতিকে এতিয়াই এটা সিদ্ধান্ত লওক। আপোনাৰ সংগী/সঙ্গীৰ কিছুমান বিশেষ আচৰণে আপোনাক ক’ব যে তেওঁ আপোনাক বিয়া কৰিব নিবিচাৰে। আচৰণ সমূহ হৈছে –

১/ ভৱিষ্যতৰ কথা ক’বলৈ কোৱাত তেওঁ আওকাণ কৰিলে,
আপুনি যেতিয়াই তেওঁৰ লগত ভৱিষ্যতৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰে তেতিয়াই তেওঁ অস্বস্তি অনুভৱ কৰেনে বা আপোনাক আঁতৰাই ৰাখেনে ? গতিকে এতিয়াই সাৱধান হওক। হয়তো তাৰ মূৰত আৰু কিবা এটা চলি আছে। এইটো এটা লক্ষণ হ’ব পাৰে যে তেওঁ আপোনাক বিয়া কৰাব নিবিচাৰে।

২/ তেওঁ তোমাক কেতিয়াও নিজৰ পৰিয়ালৰ মাজলৈ লৈ নাযায়,
আপোনাৰ সকলো তেজৰ আত্মীয়ই হয়তো তেওঁৰ বিষয়ে জানে কিন্তু আপুনি কেৱল তেওঁৰ বন্ধু-বান্ধৱী মহলেহে চিনি পায়। মাক-দেউতাক বা পৰিয়ালৰ কোনো সদস্যৰ ওচৰলৈ লৈ যোৱাটোও বেয়া লক্ষণ।

৩/ মই এতিয়াও ৰেডি হোৱা নাই,
আপুনি হয়তো বহুদিনৰ পৰা ডেটিং কৰি আছে। পাৰ্টনাৰেও হয়তো ভাল উপাৰ্জন কৰি আছে। কিন্তু তথাপিও তেওঁ মাত্ৰ কয় মই এতিয়াও বিয়াৰ বাবে সাজু হোৱা নাই। যদি এনেকুৱা হয় তেন্তে বুজিব যে তেওঁ হয়তো আৰু কেতিয়াও সাজু নহ’ব।


আৰু পঢ়ক

>> নাৰীৰ এই ৫টা গুণ দেখি বিয়া কৰিব লাগে !
>> ৩টা কাৰণত পুৰুষ বিবাহ নকৰে !


৪/আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই,
আপুনি হয়তো তেওঁৰ বিষয়ে আৰু ভৱিষ্যতে তেওঁ কি কৰিব বিচাৰে সেই বিষয়ে এখন গোটেই কিতাপ লিখিব পাৰিলেহেঁতেন। কিন্তু আপোনাৰ বাবে কি ৰখা হৈছে সেই বিষয়ে তেওঁ কিবা জানেনে ? এই বিষয়টোত তেওঁ আচলতে আগ্ৰহী নেকি ? ভাবি চাওকচোন।

৫/ আপুনি তেওঁৰ সুখৰ অংশীদাৰ,
আপুনি কেৱল তেওঁৰ সুখৰ অংশীদাৰ নেকি, কিন্তু তেওঁৰ দুখৰ মুহূৰ্তবোৰত তেওঁ আপোনাক তেওঁৰ কাষত নিবিচাৰেনে ? কিন্তু কোৱা হয়, “সুখৰ মুহূৰ্তবোৰ যিকোনো ব্যক্তিৰ সৈতে ভাগ কৰিব পাৰি, কিন্তু দুখৰ মুহূৰ্তবোৰক বিশেষভাৱে ঘনিষ্ঠ কাৰোবাৰ প্ৰয়োজন।” এতিয়া যদি আপুনি তেওঁৰ বিশেষ ঘনিষ্ঠ কোনোবা নহয় তেন্তে আপোনাৰ ওচৰত চিন্তা কৰাৰ যথেষ্ট কাৰণ আছে।

Leave a Comment