কোন এই ককা-আইতা, ক’ত ঘৰ ?

WhatsApp Follow

(Who are these grandparents, where do they live ) কেইখনমান সুন্দৰ ফটো আৰু এটা বিশেষ ভিডিঅ । লাখুটিত ভৰ দি কোনোমতে খোজ কঢ়া এহাল ককা-আইতাই জাতীয় পতাকা লৈ খোজ দিয়াৰ কেইখনমান ফটো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ছবিকেইখন ইমানেই ভাইৰেল হৈ পৰিছিল যে, মুখ্যমন্ত্ৰীয়ে ককা আইতাৰ ভিডিঅ শ্বেয়াৰ কৰিছিল । অজয় চৌধুৰীৰ কেমেৰাত বন্দী হৈছিল ককা-আইতাৰ এই সুন্দৰ আলোকচিত্ৰ ।

শেহতীয়াকৈ সংবাদ মাধ্যমে বিচাৰি পাইছে এই ককা-আইতাৰ পৰিচয় । ফটোত থকা ককাজনৰ নাম গীৰিশ চন্দ্ৰ বৰ্মন আৰু কাষত তেওঁৰ পত্নী অৰুণপ্ৰিয়া বৰ্মন । ককাৰ বয়স এতিয়া ৮২ বছৰ । বঙাইগাওঁ জিলাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈৰ বইতামাৰী গাৱত ।

মুখ্যমন্ত্ৰীৰ লগতে সমগ্ৰ দেশবাসীয়ে ককা-আইতাৰ এই ফটো আদৰি লৈছে বুলি জানিব পাই সুখী অনুভৱ কৰিছে ককা-আইতাই । ককাৰ ঘৰত এতিয়া বোৱাৰী পত্নী আৰু দুই নাতি । তিনিজনী ছোৱালী আৰু দুই পুত্ৰ সন্তান আছে তেওঁলোকৰ । সৰু পুত্ৰ গৌতম চন্দ্ৰ বৰ্মন চি আৰ পি এফৰ জোৱান । বৰ্তমান তেও থাকে বেংগালুৰুত ।

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৩ আগষ্টত গীৰিশ চন্দ্ৰ বৰ্মন আৰু ৭৮ বছৰীয়া অৰুণা প্ৰিয়া বৰ্মনৰ এখন ফটো তুলিছিল । ফেচবুকত সেই ফটো দি দিয়াত ভাইৰেল হৈ পৰিছিল ফটোখন । তাৰ পাছত ১৪ আগষ্ট দিনা হাতত ৰাষ্ট্ৰীয় পতাকা লৈ খোজকাঢ়ি গৈ থকা এই ককা, আইতাৰ ভিডিঅ’ কৰিছিল এই অজয়ে । এই ভিডিঅটোৱে শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ফটোগ্ৰাফাৰ ( অজয় চৌধুৰী )

Leave a Comment