৫১ বছৰ পিছত মহালয়াত শুভ যোগ, কি কৰিলে সুফল পাব ?

WhatsApp Follow

২৫ চেপ্টেম্বৰ অৰ্থাৎ আজি মহালয়া। মহালয়াৰ পৰাই আৰম্ভ হয় দেৱী বন্দনা। এই বৰ্ষৰ মহালয়া কিছু ব্যতিক্ৰম। কিয়নো ৫৯ বছৰৰ পিছত এইবাৰ মহালয়াত এক শুভ যোগ পৰিছে। মহালয়াত মৰ্ত্যলৈ কেৱল দেৱীৰেই আগমন হয় এনে নহয় এই দিনটোক পিতৃ-তৰ্পণৰ দিন হিচাপেও পালন কৰা হয়।

শাস্ত্ৰ অনুসৰি এই দিনটোত পৰলোকলৈ গতি কৰা সকলো আত্মা মৰ্ত্যলৈ আহে। মৰ্ত্যলৈ অহাৰ সময়ত পূৰ্বপুৰুষক সন্তুষ্ট কৰাবৰ বাবে তেওঁলোকক উদ্দেশ্যি খাদ্য-জল অৰ্পণ কৰা হয়। এই পৰম্পৰা কেতিয়াৰে পৰা আৰম্ভ হৈছিল সঠিককৈ জনা নাযায় যদিও ৰামায়ণ, মহাভাৰততো এই পৰম্পৰাৰ কথা উল্লেখ আছে। ৰামায়ণত উল্লেখ থকা অনুযায়ী ৰাৱনৰ পৰা লংকা উদ্ধাৰৰ বাবে হোৱা যুদ্ধৰ আগমুহূৰ্তত ৰামে দূৰ্গোৎসৱ পালন কৰিছিল।

ৰামায়ণত উল্লেখ থকা অনুসৰি বসন্ত কালতহে দুৰ্গোৎসৱ পতা হয়। ৰামে পতা এই দূৰ্গোৎসৱক অকাল বোধন বুলিও কোৱা হয়। এই পূজাৰ প্ৰাৰম্ভিক কালত ৰামে সনাতন ধৰ্ম অনুসৰি পূৰ্বপুৰুষক উদ্দেশ্যি অঞ্জলি দিছিল। তেতিয়াৰে পৰাই দূৰ্গোৎসৱৰ পূ্‌ৰ্বে মহালয়াৰ দিনটোত পূৰ্বপুৰুষলৈ জল-অৰ্পণৰ নিয়ম পালন কৰি অহা হৈছে।

মহাভাৰততো মহালয়া আৰু পিতৃ-তৰ্পণৰ কথা উল্লেখ আছে। মহাভাৰতত উল্লেখ থকা অনুযায়ী কৰ্ণই পৰলোকলৈ গতি কৰাৰ পিছতেই কৰ্ণক খাদ্য হিচাপে সোণ, ৰত্ন আদি দিয়া হৈছিল। এনেদৰে খাদ্যত সোণ, ৰত্ন দিয়াত কৰ্ণই হতবাক হৈ স্বৰ্গৰাজ ইন্দ্ৰক এই সন্দৰ্ভত প্ৰশ্ন কৰে। ইন্দ্ৰই কৰ্ণৰ প্ৰশ্নৰ উত্তৰত ক’লে, ‘তুমি জীৱিত কালত সদায়ে দানেই কৰি আহিছা। সোণ, ৰত্ন সম্পদ সকলো দান কৰিছা কিন্তু প্ৰয়াত পূৰ্বপুৰুষক উদ্দেশ্যি কোনো খাদ্য কাহানিও অৰ্পণ কৰা নাই।


আৰু পঢ়ক
>> মহিলাসকলে এনে কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্রৱেশ নকৰে !
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !


কোনো পানীয় বা খোৱা খাদ্য অৰ্পণ কৰা নাই সেইবাবেই তোমাক স্বৰ্গতো খাদ্য হিচাপে সোণ, ৰত্ন দিয়া হৈছে।’ কৰ্ণই ইন্দ্ৰৰ উত্তৰত ক’লে যে তেওঁ অবিবাহিত আছিল। সেয়ে ইচ্ছা কৰিয়েই পূৰ্বপুৰুষক খাদ্য পানীয় অৰ্পণ কৰা নাছিল। ইন্দ্ৰই কৰ্ণৰ এই উত্তৰৰ পিছতেই কৰ্ণক পুনৰ মৰ্ত্যলৈ ১৬ দিনৰ বাবে যাবলৈ অনুমতি দিয়ে। এই ১৬ দিনৰ ভিতৰতেই কৰ্ণই তেওঁৰ পূৰ্বপুৰুষলৈ খাদ্য-পানীয় অৰ্পণ কৰি পুনৰ স্বৰ্গলৈ উভতি যায়। কৰ্ণই মৰ্ত্যলৈ উভতি অহাৰ দিনটোকেই শাস্ত্ৰত পিতৃপক্ষ নামেৰে উল্লেখ থকা বুলি একাংশই ক’ব খোজে।

পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো দেৱীপক্ষ আৰম্ভৰ পূৰ্বেই অঞ্জলি-অৰ্পণৰ বাবে গংগালৈ ৰাওনা হৈছে বহুলোক। দেৱীক আৰাধনা কৰাৰ পূৰ্বেই পূৰ্বপুৰুষক সন্তুষ্ট কৰিলেহে দেৱী পূজা সাৰ্থক হয় বুলি বহুলোকেই বিশ্বাস কৰে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment