মানুহৰ গুৰুত্বপূর্ণ অঙ্গ হ’ল দাঁত, দাঁতৰ সমস্যা বহুত মানুহৰ আছে যেনে দাঁতৰ বিষ, দাঁত সিৰসিৰ কৰা ইত্যাদি। এইবোৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ আজি আমি এই আর্টিকেলটোত কেইটামান ঘৰৱা বিধান লৈ আহিছো। আশা কৰো আপোনালোকৰ উপকাৰ হ’ব।
১/ পানী
দাঁতৰ বিষ হ’লে ফিটকাৰি পানীত দি সেই পানীত তুলা এডখৰ তিয়াই বিষ হোৱা দাঁতৰ গুৰিত লগাব, এনেকৈ ৩-৪ দিন কৰিব, আৰু এনে ক ৰিলে আ পুনি সুফল পাব।
২/ কুলু কুলু কৰিব
বকুল গছৰ ছালৰ ৰস কুহুমীয়া পানীত মিহলি কৰি দৈনিক দুবাৰকৈ কুলু কুলু কৰিব। এনেকৈ ৬-৭ দিন কৰিব, আৰু এনে কৰিলে আপুনি সুফল পাব।
৩/ ভীমকলৰ পাত
ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিল হােৱা তেৰে কামুৰি ধৰিলে বিষ নাইকিয়া হয়।
৪/ লং
৫ টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫ টা লং পিহি এগিলাচ পানীত মিশ্রণ কৰি মুখ কুলকুলিয়ালে দাতৰ বিষ কমে।
৫/ সৰিয়হ তেল
সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাত মাজিলে দাত পৰিষ্কাৰ হয়, দাতৰ বীজাণু নাশ হয় আৰু দাতৰ বিষ দূৰ হয়।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুিবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
আৰু পঢ়ক-
- মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায়।
- ৰাতি শুৱাৰ আগে নাভিত দিয়ক মাথো দুটোপাল তেল, পাওক ৭ টা চমৎকাৰী উপকাৰ।
- এই কেইটা কথা নাজানিলে আপোনাৰ লিভাৰৰ ক্ষতি হ’ব পাৰে।
- মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায়।
8 thoughts on “দাঁতৰ সমস্যা হ’লে কেনেকৈ উপশম পাব পাৰে জানক | Health Tips In Assamese”