( Dreams About Snakes In Assamese ) এজন মানুহৰ জীৱনত বহুতো কিবা কিবি সপোন দেখে কিন্তু যদি আপুনি সপোন সাপ দেখে, আৰু তাৰ অর্থ নাজানে তেনেহলে আপুনি চিন্তাত পৰিব পাৰে । সাপ দেখা ভাল নে বেয়া সেইটো আজিৰ এই আর্টিকেলটোত আলোচনা কৰিম, সেই বাবে সম্পূর্ণ পঢ়িব –
১/ সপোনত সাপ মাৰিলে কি হয় ? সপোনত বহুতো সাপ একেলগে আৰ্বিভাৱ হোৱাটো অশুভ । কিন্তু যদি আপুুনি সপোনত সাপক হত্যা কৰে, বা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয় । ইয়ে আসন্ন সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো সূচায় ।
২/ সাপে আপোনাক সপোনত খেদিলে কি হয় ? যদি এডাল সাপে আপোনাক সপোনত প্ৰায়ে খেদে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাঁৰে । অদূৰ ভৱিষ্যত আপোনাৰ লগত, তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটোহে সূচায় । সপোনত সাপৰ পাছে পাছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয় ।
৩/ সপোনত সাপে খুঁটিছে দেখিলে কি হয় ? যদি সাপে আপোনাক সপোনত খুঁটিছে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালেই গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ।
৪/ সপোনত যদি দেখে সাপে আপোনাক কামুৰিবলৈ খেদি আছে ? কেতিয়াবা সপোনাত দেখা যায় যে আপোনাক সাপে কামুৰিবলৈ খেদি আছে । সাপৰ পৰা আপুনি বাচি নাযায় আৰু সাপে আপোনাক কামোৰে । ই আপোনাৰ বাবে শুভ । ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সন্মান বঢ়াৰ লগতে ধনৰ প্ৰাপ্তি হ’ব পাৰে । গতিকে সপোনত সাপ দেখিলে ভয় নাখাব । সাপ দেখাটো শুভ লক্ষণ ।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
৫/ সপোনত সাপৰ দাঁত দেখিলে কি হয় ? সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয় । ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে । গতিকে এই সপোনটো অহাৰ পিছত কেইদিনমানৰ বাবে খুবেই সাৱধান হ’ব ।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।