ঘৰত সুখ-সমৃদ্ধি বাবে জন্মাষ্টমীত ঘৰলৈ আনক এই কেইটা বস্তু

WhatsApp Follow

( Bring these things home on Janmashtami to bring happiness and prosperity to your home ) এই কেইপদ বস্তু জন্মাষ্টমীৰ দিনা ঘৰলৈ আনি, প্রথমে প্ৰভূ শ্ৰী কৃষ্ণক নিবেদন কৰিব । এনে কৰিলে ভগৱান শ্ৰী কৃষ্ণৰ কৃপা দৃষ্টি আপোনাৰ আৰু আপোনাৰ ঘৰৰ ওপৰত সৰ্বদা থাকিব। সেই বস্তুবোৰ হৈছে –

১/ ৰাধা কৃষ্ণৰ ফটো বা মূৰ্তি । ৰাধা কৃষ্ণক একেলগে সন্তোষ কৰি ৰাখিব পাৰিলে, মনে বিচৰা ধৰণৰ আশা পূৰ্ণ কৰিব পাৰে ।

২/ জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰী কৃষ্ণৰ ওচৰত হালধীয়া বস্ত্র নিবেদন কৰিব । এনে কৰিলে ভগৱান শ্ৰী কৃষ্ণ প্ৰসন্ন হয় ।

৩/ জন্মাষ্টমীৰ দিনা যদি ঘৰলৈ বাঁহী অনা হয়, তেন্তে ইয়াৰ ফলত সকলো সংকটৰ পৰা মুক্ত পোৱা যায় । আৰু সম্বন্ধ সমূহ মধূৰ হৈ উঠাৰ লগতে ঘৰখনত সুখ শান্তিৰ স্থায়ী বাস হয় ।


আৰু পঢ়ক
>> ভুলেও এই দিশত নাৰাখিব লক্ষ্মী-গণেশ, তেনেহলে কোন দিশত ৰাখিব ?
>> জন্মাষ্টমীৰ দিনা কৃষ্ণ প্ৰতিমূৰ্তিৰ সন্মুখত এই গছজোপা ৰাখক ! টকাৰ অভাৱ দূৰ হ’ব।


৪/ পদ্ম বৰ্জৰ মালা বা বৈজয়ন্তী মালা, জন্মাষ্টমীৰ দিনা ঘৰলৈ আনিলে ধন বৃদ্ধি হোৱাত সহায় হয় । আৰু ঋণ মুক্ত হোৱাত সাহায্য কৰে । এই মালাই শৰীৰক ঠাণ্ডা আৰু মনক শান্ত কৰি ৰাখে ।

৫/ ময়ূৰ পাখী জন্মাষ্টমীৰ দিনা ঘৰলৈ আনিব পাৰিলে, তেন্তে সেয়া ঘৰখনৰ বাবে অধিক মংগল হৈ উঠে । অমংগলে ঘৰখনৰ কাকোৱে স্পৰ্শ কৰিব নোঁৱাৰে । আৰু সেই ঘৰখনত যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি পায় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment