মেকআপ নকৰাকৈ ধুনীয়া দেখিবলৈ সহজ টিপছ

WhatsApp Follow

ধুনীয়া হ’বলৈ সকলো সময়তে মেকআপ কৰিব লাগিব নেকি ? বহুতে ভাবে মেকআপ অবিহনে ধুনীয়া হোৱাটো সম্ভৱ নহয় ? কিন্তু মেকআপ অবিহনে ধুনীয়া দেখাটো সম্ভৱ। ইয়াৰ বাবে কিছু কৌশলৰ প্ৰয়োজন। মেকআপ অবিহনে ধুনীয়া দেখাবলৈ কেইটামান কৌশল জানি লওক –

১/ দিনটোত দুবাৰকৈ মুখ ধোৱাৰ অভ্যাস কৰক,
দৈনিক, ৰাতিপুৱা-ৰাতি দুবাৰকৈ মুখ ধোৱাৰ অভ্যাস গঢ়ি তোলক। শুনিবলৈ অদ্ভুত যেন লাগিলেও সঁচা। ৰাতিপুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে নিয়মিতভাৱে মুখখন ধুই লোৱাটো অভ্যাস গঢ়ি তোলক। ই ব্ৰণৰ প্ৰৱণতা বহু পৰিমাণে হ্ৰাস কৰে।

২/ মইশ্বৰাইজ কৰক,
ছালখন মইশ্ব’ৰাইজ কৰাটো অতি প্ৰয়োজনীয়। মুখমণ্ডলৰ লগতে হাত, ডিঙি, ভৰিও মইশ্ব’ৰাইজ কৰিব লাগে। কাৰণ বয়সৰ ছাপ প্ৰথমে হাত-ভৰিৰ ওপৰত। ইয়াৰ উপৰিও ছালৰ বাবে উপযোগী যিকোনো মইশ্ব’ৰাইজিং ক্ৰীম বা লোচন ব্যৱহাৰ কৰিব পাৰে।

৩/ ফেচৱাছৰ ব্যৱহাৰ,
ছালৰ মলি পৰিষ্কাৰ কৰিবলৈ দৈনিক ফেচৱাছ ব্যৱহাৰ কৰিব লাগে। ঘৰৰ পৰা ওলাই নাহিলেও প্ৰতিদিনে ফেচ ৱাছেৰে মুখ ধুব লাগে।


আৰু পঢ়ক
>> কম খৰচত চুলি স্ট্রেট কৰাৰ ঘৰুৱা উপায়
>> আমাৰ শৰীৰৰ বাবে সূৰ্য্যৰ ৰশ্মিৰ উপকাৰিতা সমূহ


৪/ টোনাৰ ব্যৱহাৰ,
দৈনন্দিন ছালৰ যত্নত টোনাৰ অতি প্ৰয়োজনীয়। টোনাৰে ছালৰ পৰা অতিৰিক্ত তেল আঁতৰাই ছালখন টান কৰে। বজাৰত টোনাৰ পোৱা যায় আৰু ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে।

৫/ বৰ্তমানৰ ফেশ্বন চাওক,
আপোনাৰ কাপোৰে আপোনাৰ ব্যক্তিত্ব আৰু ৰুচি প্ৰতিফলিত কৰে। বৰ্তমানৰ ফেশ্বন অনুসৰি সাজ-পোছাক পৰিধান কৰক। ভাল সাজ-পোছাক পৰিধান কৰিবলৈ চেষ্টা কৰক। কাপোৰ-কানিয়ে আপোনাক আৰু ধুনীয়া কৰি তুলিব।

৬/ হাঁহি,
নিজকে অধিক আকৰ্ষণীয় কৰি তোলাৰ আটাইতকৈ সহজ উপায় হ’ল হাঁহি থকা। গতিকে হাঁহিৰ জৰিয়তে নিজকে প্ৰকাশ কৰক।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment