PDF এজাহাৰ লিখাৰ নিয়ম | FIR Writing In Assamese

WhatsApp Follow

বন্ধু বান্ধৱী সকল আজি এই আর্টিকেলটোত কথা পাতিম এজাহাৰ কেনেকৈ লিখিব লাগে বা এজাহাৰ লিখাৰ নিয়ম বা FIR Writing লিখাৰ কি কি নিয়ম আছে তাৰ বিষয়ে আশা কৰোঁ এই তথ্য লিখি জানি আপোনালোক উপকৃত হ’ব, লগতে এই এজাহাৰ লিখাৰ নিয়ম আপুনি PDF ত Download কৰিব পাৰিব।

এজাহাৰ লিখাৰ নিয়ম | FIR Writing In Assamese

  • ঘটনাৰ সম্পূর্ণ বিবৰণ থাকিব লাগিব যেনে- স্থান, সময়, তাৰিখ।
  • আপুনি যদি লিখিত আকাৰে এজাহাৰ দিব বিচাৰে তেনেহলে চাদা কাগজত লিখিব।
  • এজাহাৰ ভাৰপ্রাক্ত অচি (OC) বৰাবৰ লিখিব লাগে।
  • অপৰাধ হোৱা নিকটবর্তী থানাত এজাহাৰ দিব লাগে।
  • এজাহাৰ শুদ্ধ ভাষাত লিখিব লাগে।

ছোৱালীৰ সন্ধানত আৰক্ষী চকীত এজাহাৰ লিখাৰ নিয়ম (FIR in case of missing Girl)

প্রতি,

মাননীয় ভাৰপ্রাপ্ত আৰক্ষী বিষয়া

_______ থানা

তাৰিখ_______

বিষয়ঃ- ছোৱালীৰ সন্ধানত এজাহাৰ।

মহোদয়,

বিনীত নিবেদন এই যে যোৱা ১০/০৪/২০২২ ৰবিবাৰ স্কুলৰ পৰা উভতি অহাৰ পথত মোৰ ছোৱালী ___স্থান___ পৰা নিৰুদ্দেশ হয়। প্রায় এসপ্তাহ ধৰি আমি ____ ছোৱালীৰ নাম____ ক বিচাৰি নাপাই আপোনাক অৱগত কৰিবলৈ এই এজাহাৰ দাখিল কৰিলো। আমাৰ নিজাব্বীয়াকৈ কাৰো প্রতি সন্দেস নাই। সেয়ে মহোদয়ক এই বিষয়ে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনালো। আশা কৰিছোঁ মহোদয়ে সোনকালে যথোপযোগী ব্যৱস্থা গ্রহণ কৰি কৃতার্থ কৰে যেন। এয়ে মোৰ সৰল গোহাৰি ।

শাৰীৰিক বিৱৰণঃ-

১/ ওখ ৫ ফুট ৫ ইঞ্চি।

২/ বয়স ১৬ বছৰ ২ মাহ।

৩/ গাৰ বৰণ বগা।

থিকনাঃ-

শ্রী_______

গাওঁ______

জিলা______


আৰু পঢ়ক-


চুৰি অভিযোগ তদন্তৰ বাবে অনুৰোধ

প্রতি,

মাননীয় ভাৰপ্রাপ্ত আৰক্ষী বিষয়া

_______ থানা

তাৰিখ_______

বিষয়ঃ- চুৰি অভিযোগ তদন্তৰ বাবে এজাহাৰ।

মহোদয়,

বিনীত নিবেদন এই যে মই মোৰ ঘৰত চুৰিৰ অভিযোগ দাখিল কৰিব বিচাৰো। মোৰ পৰিয়াল ঘৰৰ বাহিৰত আছিল, যেতিয়া আমি ৰাতিপুৱা ঘৰলৈ উভতি আহিছিলো, তেতিয়া আমি এটা চুৰি লক্ষ্য কৰিছিলোঁ। এজন চোৰে দৰ্জাৰ তলা ভাঙি ঘৰত প্রৱেশ কৰিছে। তেওঁ নিম্নলিখিত বস্তুবোৰ চুৰি কৰিছে-

১/ এটা ভিডিঅ কেমেৰা ( ____ব্রেণ্ড____)

২/ ছয়টা শাৰী।

৩/ এটা টিভি ছেট ( ____না_____)

৪/ জুৱেল ( ৫০ গ্রাম চেইন )

মই আপোনাক অনুৰোধ জনাইছো, চাৰ, চোৰটো বিচাৰি উলিয়াবলৈ আৰু চুৰি হোৱা বস্তুবোৰ পুনৰুদ্ধাৰ কৰিবলৈ আৰু প্রয়োজনীয় পদক্ষেপ ল’বলৈ।

আপোনাৰ বিশ্বস্ততাৰে,

_____নাম_____।

সাক্ষী,

১/_____।

২/_____।

৩/_____।

ছচিয়েল মিডিয়াত হত্যাৰ ভাবুকিৰ বাবে এজাৰ।

প্রতি,

মাননীয় ভাৰপ্রাপ্ত আৰক্ষী বিষয়া

_______ থানা

তাৰিখ_______

বিষয়ঃ- হত্যাৰ ভাবুকি।

মহোদয়,

এজন ব্যক্তিয়ে ছচিয়েল মিডিয়াত মোক হত্যাৰ ভাবুকি দিছে। মোক কেতিয়াওঁ জীয়াই থাকিবলৈ নিদিয়ে বুলি ব্যক্তিজনে ঘোষণা কৰিছে। তেওঁ এই ভাবুকিৰ পাছত মই নিৰাপত্তাহীণতা তথা প্রাণৰ সংশয়ত ভুগিছোঁ। গতিকে মহোদয়ে সমগ্র বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্রদান কৰে যেন।
তেওঁ ছচিয়েল মিডিয়াত মোক হত্যাৰ ভাবুকি দিয়াৰ ”স্ক্রীন শ্বট” এজাহাৰৰ লগত গাঁথি দিয়া হ’ল।

সাক্ষী,

১/_____।

২/_____।

৩/_____।

8 thoughts on “PDF এজাহাৰ লিখাৰ নিয়ম | FIR Writing In Assamese”

  1. আপোনালোকে গুৰুত্তপুৰ্ন বিষয় এটা ৰাইজৰ আগত উপস্থাপন কৰাৰ বাবে ধন্যবাদ। কিন্তু সেয়া সঠিককৈ আৰু সুদ্ধ ভাৱে জনোৱা হলে ৰাইজ উপকৃত হলহেতেন।
    এজাহাৰ লিখোঁতে বা থানাত জমা দিওতে কোনো সাক্ষীৰ প্ৰয়োজন নহয়। এজাহাৰ পোৱাৰ পিছত তদন্তকাৰী বিষয়াই তদন্তৰ সময়ত সাক্ষীক সোধ-পোছ কৰে।

    প্ৰত্যুত্তৰ দিয়ক

Leave a Comment