বন্ধু বান্ধৱী সকল আজি আমি কথা পাতিম দলিল লিখাৰ নিয়মৰ বিষয়ে যেনে- মাটিৰ দলিল কেনেকৈ লিখিব লাগে। বা মাটি বন্ধুকী চুক্তি পত্র লিখাৰ নিয়ম সমূহ। আশা কৰোঁ কথা সমূহ জানি আপোনালোকে উপকৃত হ’ব।
দলিল লিখাৰ নিয়ম | How To Write Land Agreement Paper In Assamese
মাটি বন্ধকী চুক্তি পত্র
বৰাবৰঃ- যিজনে বন্ধকী ল’ব, তাৰ তথ্য।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
লিখিতংঃ- যাৰ মাটি।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
আজি _____ ইং তাৰিখত মোৰ সাংহাৰক অসুবিধাৰ বাবে টকাৰ প্রয়োজন হোৱাত মোৰ নিজা নামত থকা ____ৰাজচ চক্রৰ নাম____ ৰাজচ চক্রৰ অন্তৰ্গত গাওঁ____ মৌজা____ৰ দাগ নং____ পাট্ৰা নং____ৰ ২ ( দুই ) বিঘা মাটি প্রতি বিঘাত ২০,০০০ ( বিশ হাজাৰ ) টকাকৈ মুঠ ৪০,০০০ ( চল্লিশ হাজাৰ ) টকা লগত বুজি পাই ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধুকী চমজাই দিলো। উল্লেখ থাকে যে উক্ত মুঠ টকা ঘুৰাই নিদিয়ালৈকে উক্ত বৰাবৰে দখল ভোগ কৰি থাকিব আৰু মই বা মোৰ কোনো ওৱাৰিশে ওজৰ আপত্তি কৰিলে এই চুক্তি পত্রৰ বলে আইনৰ অগ্রাহ্য হ’ব।
আৰু উল্লেখ থাকে যে এই মাটি ইয়াৰ আগতে কাৰো ওচৰত বিক্রী, বন্ধুকী, বা দায়গ্রস্থ কৰি ৰখা নাই। এনেকুৱা কিবা প্রমাণিত হ’লে আইনত দণ্ডনীয় হম। এতদৰ্থে স্বজ্ঞানে সুস্থ শৰীৰে তলত উল্লেখ কৰা সাক্ষীৰ উপস্থিতিত চহী কৰি বন্ধুকী সম্পাদন কৰিলোঁ।
ইতি,
_____ মাটিৰ মালিকৰ চহী।
সাক্ষীঃ-
১/______।
২/______।
আৰু পঢ়ক-
Also Read. আবেদন পত্র লিখাৰ নিয়ম
টকা ধাৰ লোৱাৰ চুক্তি পত্র
বৰাবৰঃ- যিজনে টকা ধাৰ ল’ব, তাৰ তথ্য।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
লিখিতংঃ- যাৰ টকা।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
বিষয় এই যে মোৰ বিশেষ কাৰণত ১০,০০০ ( দহ হাজাৰ ) টকা ধাৰ ললো। যিমান দিনলৈকে সম্পূর্ণ টকা পৰিশোধ নকৰো মই ___ টকা___ কৰি সুত প্রতি মাহে দি থাকিম। ইয়াত মোৰ আৰু মোৰ ঘৰত কাৰো আজৰ আপত্তি নাই। আপত্তি থাকিলে মই আইন মতে দণ্ডনীয় হম। সম্পূর্ণ পঢ়ি, জানি বুজি তলত মই সুস্থ শৰীৰত স্বজ্ঞানে চহী কৰিলোঁ, ধন্যবাদ।
ইতি,
____টকা লোৱা জনৰ নাম_____।
সাক্ষীঃ-
১/_____।
২/_____।
৩/______।
মাটি বিক্রীৰ বায়ানা পত্র | Land Sale Agreement In Assamese
বৰাবৰঃ- যিজনে মাটি বিক্রী কৰিব, তাৰ তথ্য।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
লিখিতংঃ- যাৰ মাটি।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
শস্য জমী বিক্রীৰ বায়ানা খতপত্র মিদং কার্যাঞ্চাগে মোৰ/আমাৰ টকাৰ আৱশ্যক হোৱাত আমাৰ স্বত্ব দখলত থকা নিম্ন তপচীল বর্ণিত _____ৰাজহ চক্রৰ অন্তর্গত _____মৌজাৰ _____গাওঁৰ _____বিঘা ____ কঠা ____লেছাৰ মধ্য _____বিঘা _____কঠা __১৫___লেছা জমী বিক্রী কৰিবৰ প্রস্তাৱ কৰাত আৰু ওপৰোক্ত বৰাবৰে খৰিদ কৰিবলৈ সন্মত হোৱাত প্রতি বিঘাই ____১০০,০০০ ( এক লাখ ) উক্ত জমীৰ সর্বমুঠ _______টকাকৈ নির্ধাৰণ কৰি বাইনা হিচাপে আজি __১০,০০০___ ( দহ হাজাৰ ) ইং_____তাৰিখ বৰাবৰৰ আগধন আদায় লৈ এই বাইনা পত্র সম্পাদন কৰিলো। আৰু বাকী থকা টকা খিনি বিভাগীয় কর্তৃপক্ষৰ বিক্রী অনুমতি পোৱাৰ পাছত আৰু ৰেজিষ্টাৰৰ সময়ত আদায় দিলে উক্ত জমী ৰেজিষ্টৰ সম্পাদন কৰিবলৈ বাধ্য থাকিলো।
প্রকাশ থাকে যে উক্ত জমীৰ বেচা-কিনাৰ অনুমতি পোৱাৰ পিছতো মই/আমি যদি বৰাবৰক উক্ত জমী বিক্রী ৰেজিষ্টাৰ কৰি নিদিওঁ, তেতিয়াহলে বৰাবৰে যাৱতীয় খৰচ বহন কৰি আইনৰ আশ্রয় লৈ উক্ত জমী ৰেজিষ্টাৰ কৰি ল’ব পাৰিব। তদুপৰি মই/আমি উক্ত জমীৰ বেচা-কিনাৰ অনুমতি পোৱাৰ পিছত __৩__ মাহৰ ভিতৰত উক্ত জমী ৰেজিষ্টাৰ সম্পাদন কৰিবলৈ বাধ্য থাকিলো। আৰু বৰাবৰক উক্ত সময়ৰ ভিতৰত ৰেজিষ্টাৰ সম্পাদন কৰিবলৈ বাধ্য থাকিব লাগিব।
প্রকাশ থাকে যে বাকী থকা টকা জমী জোখ-মাখ কৰি স্ব-জমীত পোৱা জমী মতে যাৱতীয় নথি-পত্র ঠিক হোৱাৰ পিছত চৰকাৰী পঞ্জয়ন কৰি দয়াৰ সময়ত বৰাবৰে মোক/আমাক সম্পূর্ণ আদায় দিব লাগিব।
প্রকাশ থাকে যে বিক্রীদাৰে কোনো সময়তে এই দলিল সম্পূর্ণ কৰাত পিছত ৰেজিষ্টাৰ দলিল সম্পন্ন কৰিবলৈ অমান্তি হ’ব নোৱাৰিব আৰু অমান্তি হ’লে খৰিদদাৰে আইন মতে বিহিত ব্যৱস্থা লৈ দলিল সম্পন্ন কৰিব পাৰিব।
প্রকাশ থাকে যে বিক্রীদাৰে আজি _____ ইং তাৰিখে আগধন লৈ এই দলিল সম্পূর্ণ হোৱাৰ পাছত বিক্রীদাৰে অন্য কাৰো ওচৰত কোনো বায়না পত্র নিম্ন লিখিত জমীৰ বাবে কৰিব নোৱাৰিব আৰু কৰিলেওঁ এই দলিল যোগে অগ্রাহ্য হ’ব।
প্রকাশ থাকে প্রস্তাৱিত বায়না কৃত জমী মই/আমি ইতিপূর্বে কাৰো ওচৰত বিক্রী, বন্ধক, দান আদি কৰি কোনো প্রকাৰে দায়গ্রস্ত কৰি ৰখা নাই আৰু তেনেকুৱা কিবা প্রমাণিত হ’লে আইন মতে দণ্ডনীয় হম।
এতাদর্থে সুস্থ শৰীৰে, স্ব-জ্ঞানে, নিজ-নিজ ইচ্ছাই, বায়না পত্র সকলো মর্ম চাই, বুজি, পঢ়ি-শুনি, উক্ত জমীৰ আগধন নিজে হাতে গণি বুজি লৈ নিম্ন লিখিত সাক্ষীৰ সাক্ষাতত এই বায়না পত্র সম্পাদন কৰি দিলোঁ।
ইতি,
____জমী বিক্রীতাৰ নাম________।
সাক্ষীঃ-
১/______।
২/______।
৩/______।
ভাল লাগিল জানিবলৈ পাই।
Good job
Tnks dada
This system is very important for legal activist.
মাটি বিক্রীৰ বায়ানা পত্র
বৰাবৰঃ- যিজনে মাটি বিক্রী কৰিব, তাৰ তথ্য
বি:দ্ৰ:-বিক্রী নে ক্ৰয় সন্দেহ হৈছে।
Thanks sir
বহুত বহুত ধন্যবাদ ❤️
ভাল লাগিল
It’s benificial social app of formal civil society to Make easy learning for upcoming sociaty
Very good
JayantaDsa
JayantaDsa 10