আত্মবিশ্বাসেই জীৱনত আপোনাক দিব সফলতা” শ্ৰীকৃষ্ণ বাণী

WhatsApp Follow

আজি আমি ভগৱান শ্ৰীকৃষ্ণৰ বাণীৰ পৰা সফলতাৰ ৰহস্য জানিবলৈ চেষ্টা কৰিম। ভগৱান শ্ৰীকৃষ্ণৰ মতে “এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে সফল হ’ব বিচাৰে। যিজনৰ টকা-পইচা কম, তেওঁ বিচাৰে মোৰ টকা বেছি হোৱাটো। যি দুখীয়া তেওঁ বিচাৰে ধনী হোৱাটো। ইফালে যি ব্যক্তিৰ জ্ঞানৰ অভাৱ, সেই ব্যক্তিয়ে নিজে বুদ্ধিমান হোৱাটো বিচাৰে। আনকি যি বৈৰাগী তেওঁও বিচাৰে যে মই মোৰ তপস্যাৰে ভগৱানক সন্তুষ্ট কৰিব পাৰিম।

এইদৰে সমগ্ৰ বিশ্বৰ সকলো মানুহৰে সফলতাৰ লগত জড়িত নিজস্ব ইচ্ছা ভিন্ন ধণৰ। কিন্তু তথাপিও কিয় প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত সফল নহয়? ইয়াৰ কাৰণ কি? শ্ৰীকৃষ্ণৰ মতে এজন ব্যক্তিয়ে সফলতাৰ সপোন বহুত দেখে, কিন্তু সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষমতা তুলনামূলকভাৱে কম সংখ্যক লোকৰহে থাকে।

বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণৰ মতে সফলতাই কেৱল সেইসকলৰ ভৰিত ধৰা খায়, যাৰ ভৰি মাটিত থাকে। অৰ্থাৎ সফল হ’বলৈ প্ৰথম নিয়মটো হ’ল এজন ব্যক্তিয়ে সদায় নিজৰ বাস্তৱৰ সন্মুখীন হোৱা উচিত। তেওঁ জনা উচিত যে সফলতা আচলতে কি।

বহুতৰে আত্মসচেতনতা থাকে যদিও চৌপাশৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ নিজকে অযোগ্য বুলি গণ্য কৰে। তেওঁলোকে নিজৰ ভাগ্যৰ প্ৰতি বেয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু ভাবিবলৈ আৰম্ভ কৰে যে হয়তো তেওঁলোকৰ জীৱনত সফলতা লিখা নাই।


আৰু পঢ়ক
>> এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়
>> বাস্তু শাস্ত্রৰ মতে নীলা অপৰাজিতা ৰোপণ কৰিলে ঘৰত এইসমূহ প্রভাৱ দেখা যায় !


সেইবাবেই বন্ধুসকল, সফলতা পাবলৈ দ্বিতীয় নিয়মটো হ’ল নিজৰ ওপৰত আত্মবিশ্বাস জগাই তোলা।

আৰু তৃতীয়তে সফলতা পাবলৈ অকলে থাকিব শিকিব লাগিব। অকলে থাকিলে যিদৰে সুখী হ’ব পাৰি, তেনেকৈয়ে সফলো হ’ব পাৰি।

Leave a Comment