ছোৱালী জন্ম হ’লেই চৰকাৰে দিব ২৫ হাজাৰ টকা, কেনেকৈ পাব জানক

WhatsApp Follow

Gaovernment Will Give 25 Thousand Rs When A Girl Is Born Know How To Get It – ভাৰতীয় মহিলাসকলে দেশৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন সংগঠনত নিজৰ কৃতিত্ব উচ্চ পদবীত ৰাখিছে। আনকি বহু মহিলাই অসামৰিক সেৱাৰ পৰীক্ষা দি , IAS IPS বিষয়া হোৱা দেখা গৈছে। ৰাজনীতিৰ ক্ষেত্ৰত পুৰুষৰ সৈতে সমানে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে মহিলাসকলে।

কিন্তু আজি মই আপোনালোকক এনে এটা প্ৰজেক্টৰ কথা ক’ম যে ছোৱালী জন্ম হোৱাৰ পিছত তাইক ডাঙৰ-দীঘল কৰাৰ আৰ্থিক চিন্তাৰ পৰা পিতৃ-মাতৃ সকাহ পাব।

ছোৱালীক ল’ৰাতকৈ কম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা, অৱহেলা কৰা, যথাযথ বয়সৰ আগতেই বিয়া দিয়াৰ ধাৰাটো উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত দেখা পোৱাৰ দৰে অসমতো দেখা যায়। আজিও উত্তৰ ভাৰতৰ ৰাজ্যত পুৰুষতকৈ মহিলাৰ গুৰুত্ব কম। আচলতে ই এক প্ৰকাৰৰ সামাজিক বিশৃংখলতা। সেই পৰিস্থিতি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে এটা ডাঙৰ আঁচনি উলিয়াইছে। উদ্দেশ্য হ’ল কন্যা সন্তান জন্ম হোৱাৰ পিছত পৰিয়ালে তাইক অৱহেলা নকৰি, বৰঞ্চ তাইক সঠিকভাৱে শিক্ষিত কৰিব লাগে।

আৰু পঢ়ক – মহিলাৰ বাবে মোডীৰ নতুন আঁচনি, কি এই আঁচনি !

সুমংগল যোজনাৰ বৈশিষ্ট্য

(১) ছোৱালীজনী ১ বছৰীয়া হ’লে চৰকাৰে ২০০০ টকা দিব।

(২) কন্যা সন্তানক প্ৰথম শ্ৰেণীত ভৰ্তি হ’লে ৩০০০ টকা লাভ কৰিব।

(৩) ষষ্ঠ মান পালে আকৌ ৩০০০ টকা দিব চৰকাৰে।

(৪) নৱম শ্ৰেণীলৈ যোৱাৰ লগে লগে ৫০০০ টকা লাভ কৰিব।

(৫) দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ কন্যা সন্তানক মহাবিদ্যালয়ত নামভৰ্তি কৰিলে চৰকাৰে ৭০০০ টকা দিব।

(৬) ১৮ বছৰ বয়স সম্পূৰ্ণ হ’লে বাকী ৫০০০ টকা উত্তৰ প্ৰদেশ চৰকাৰে প্ৰদান কৰিব।

আৰু পঢ়ক – এই কাৰ্ডখন থাকিলে ৩০০০ টকা পাব, কেনেকৈ পাব জানি লওক

সুমঙ্গলা যোজনাৰ সুবিধা কোনে পাব?

  • এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰী উত্তৰ প্ৰদেশৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • পৰিয়ালৰ সৰ্বাধিক দুগৰাকী কন্যাই এই সুবিধা লাভ কৰিব পাৰে।
  • পৰিয়ালটোৰ বাৰ্ষিক আয় ৩ লাখ টকাৰ ভিতৰত হ’ব লাগে।

1 thought on “ছোৱালী জন্ম হ’লেই চৰকাৰে দিব ২৫ হাজাৰ টকা, কেনেকৈ পাব জানক”

Leave a Comment