প্ৰাৰ্থনা আৰু ধ্যানৰ প্ৰধান ৬ টা উপকাৰিতা সম্পৰ্কে জানো আহক

Daily Job Update Follow

( Meaningful Benefits of Prayer in Assamese ) ঈশ্বৰ আমাৰ প্ৰেমময় স্বৰ্গীয় পিতৃ৷ তেওঁ বিচাৰে যে আমি তেওঁৰ সৈতে প্ৰাৰ্থনা, সৎ কৰ্ম আৰু আনক সহায় কৰি তেওঁৰ লগত আধ্যাত্মিক যোগাযোগ বৰ্তাই ৰাখোঁ। দৈনিক প্ৰাৰ্থনা অথবা ধ্যানে আপোনাৰ মানসিক শান্তি, আত্মবিশ্বাস আদি বৃদ্ধি কৰাৰ লগতে শাৰীৰিক সুস্থিৰতা বৰ্তাই ৰখাত সহায় কৰে৷ আজি আমি প্ৰাৰ্থনাই আপোনাৰ জীৱনত কিদৰে সহায় কৰে তাৰ দহটা উপায় উল্লেখ কৰা হৈছে৷

১) প্ৰাৰ্থনাই আপোনাক ভগৱানৰ লগত আধ্যাত্মিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে
জীৱনত থকা আপোনাৰ পিতৃ-মাতৃৰ দৰেই ভগৱানেও আপোনাৰ লগত কথা পাতিব বিচাৰে। যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ শুনি থাকে। তাৰ পিছত তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ চিন্তা, আধ্যাত্মিক অনুভূতি, শান্তি, বিশ্বাস তথা আন আন কৰ্মৰ ৰূপত দিয়ে।

২) প্ৰাৰ্থনাই আপোনাক ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু প্ৰেমময় স্বভাৱৰ বিষয়ে বুজাত সহায় কৰে
আপুনি তেওঁৰ সৈতে দৈনিক প্ৰাৰ্থনাৰ যোগেদি যেতিয়া কথা পাতে, আপোনাৰ জীৱনত তেওঁৰ পথ প্ৰদৰ্শনৰ প্ৰভাৱ পৰে৷ আত্মগভীৰ, শান্ত , নিয়মানুৱৰ্তিতা আদিৰ স্বভাৱ গঢ়ি তোলাত সহায় কৰে৷

৩) কৃতজ্ঞ আৰু কৃতজ্ঞতা বৃদ্ধি কৰাত সহায় কৰে
প্ৰতিদিনে প্ৰাৰ্থনা কৰাৰ আন এটা উপকাৰিতা হ’ল আমাৰ মনত ধন্যবাদৰ মনোভাৱ সৃষ্টি কৰাত সহায় কৰে। আমাৰ জীৱনে আমাক ক্ষোভিত, তিক্ত, ঈৰ্ষা বা খং উঠাৰ বহু কাৰণ দিয়ে কিন্তু প্ৰাৰ্থনাই আমাক এইবোৰ পাহৰি জীয়াই থকা প্ৰেৰণা যোগায়

৪) আমাৰ মনোযোগ আনৰ ফালে স্থানান্তৰিত কৰাত সহায় কৰে
কেৱল নিজৰ ওপৰত আৰু নিজৰ সমস্যাৰ ওপৰত মনোনিৱেশ কৰি চিন্তা কৰাটো আমাৰ বাবে হানিকাৰক হ’ব পাৰে। নিজৰ ভালৰ বাবে কিছু চিন্তা থকাটো ভাল কিন্তু সাধাৰণতে আমি অধিক চিন্তা কৰাতকৈ নিজৰ বিষয়ে কম চিন্তা কৰি কৰিব অন্য সৎ কৰ্মত মনোনিৱেশ কৰাত প্ৰাৰ্থনাই আমাক সহায় কৰে৷


আৰু পঢ়ক
>> ভগৱান গণেশেক এই ৫টা ফল আগবঢ়ালে তেওঁ সন্তুষ্ট হয় ?
>> শনিৰ কোপদৃষ্টি পৰিছে নেকি ? শনি দেৱৰ আশীষ লাভৰ কেইটামান বিশেষ উপায়


৫) প্ৰলোভনক দূৰ কৰাত প্ৰাৰ্থনাই সহায় কৰে
প্ৰলোভন এৰাই চলাটো অসম্ভৱ আৰু ইয়াক আওকাণ কৰাটোও সহজ নহয়। যদিও প্ৰলোভন ম পাপ নহয় কিন্তু প্ৰলোভনৰ লগত হাৰ মানি যোৱাটো পাপ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ এটা উত্তম উপায় হ’ল ঈশ্বৰৰ ওচৰলৈ ঘূৰি প্ৰাৰ্থনাত সময় অতিবাহিত কৰা।

৬) জীৱনত অলৌকিকতা আৰু বৈচিত্ৰ্য বৃদ্ধি কৰাত প্ৰাৰ্থনাই সহায়
প্ৰাৰ্থনাৰ চূড়ান্ত সুবিধাটো হ’ল প্ৰাৰ্থনাই অলৌকিকতা আৰু বৈচিত্ৰ্যতা আনিব পাৰে। ঈশ্বৰৰ বিষয়ে বহু কথাই ৰহস্যজনক বুলি ক’লেও আমি জানো যে অলৌকিকতা সঁচাকৈয়ে ঘটে, সেয়া কোনো ৰোগৰ নিৰাময়েই হওক, জীৱনৰ সফলতাই হওক বা সম্পৰ্কবোৰ ভালে থকাই হওক৷ ঈশ্বৰে অলৌকিক কাম কৰাৰ বহুতো উদাহৰণ আছে আৰু সাধাৰণতে প্ৰাৰ্থনাৰ জৰিয়তে সেয়া ঘটে আৰু এইয়া এক আমাৰ আধ্যাত্মিক বিশ্বাস৷

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment