চুলিৰ বাবেও উপকাৰী নৰসিংহ পাত! তাৰ বাহিৰেও আছে আৰু বহু গুণাগুণ

WhatsApp Follow

জানেনে খাদ্যৰ বাহিৰেও চাল আৰু চুলিৰ বাবেও উপকাৰী নৰসিংহ পাত ! তাৰ বাহিৰেও আছে আৰু বহু গুণাগুণ, বহু মানুহে খাদ্যত সুগন্ধ আৰু সোৱাদ বৃদ্ধি কৰিবলৈ নৰসিংহ পাত ব্যৱহাৰ কৰে। ইয়াক বিশেষকৈ দক্ষিণ ভাৰতীয় লোক সকলে খাদ্যত বেছিকৈ ব্যৱহাৰ কৰে। নৰসিংহ পাত স্বাস্থ্যৰ বাবে অতি লাভজনক।

ইয়াত কেলচিয়াম, ফাইবাৰ, প্ৰ’টিন আৰু ভিটামিনকে ধৰি বিভিন্ন পুষ্টি থাকে। এই নৰসিংহ পাতৰ বিভিন্ন গুণাগুণৰ বিষয়ে জানি আহক –

১) বেছিভাগ লোকেই ক’লা আৰু ঘন চুলি পছন্দ কৰে। কিন্তু গৰমৰ দিনতেই হওক বা বিভিন্ন কাৰণতেই চুলি সৰা দেখিবলৈ পোৱা যায়। যদি আপুনিও তেনে সমস্যাত ভুগি আছে তেন্তে নাৰিকল তেলতনৰসিংহ পাত আৰু আমলখি মিহলাই দিয়ক। তেলখিনি ক’লা নোহোৱালৈকে এই মিশ্ৰণটো সিদ্ধ কৰক। ঠাণ্ডা হোৱাৰ পিছত তেলখিনি চুলিৰ গুৰিত লগাওক। পৰৱৰ্তী দিনাই চুলিখিনি চেম্পুৰে ভালদৰে ধুই পেলাওক।

২) যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে নৰসিংহ পাত সিজাই দৈনিক পান কৰক। তাৰ বাবে একাপ পানীত ১০ ৰ পৰা ২০ টা নৰসিংহ পাত দিয়ক আৰু সিজাই লওক। তাৰ পিছত এখন চেকনিৰে পানী খিনি চেকি লওক। সোৱাদৰ বাবে ইয়াত মৌ আৰু নেমুৰ ৰস মিহলাই ল’ব পাৰে।

৩) কোৱা হয় যে নৰসিংহ পাতবোৰৰ শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাৰ ক্ষমতা আছে ৷ এই গুনাগুনে শৰীৰত শৰ্কৰা পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। এই কাৰণে নিয়মীয়া আহাৰত নৰসিংহ পাতৰ ব্যৱহাৰ কৰিলে ডায়েবেটিচৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে।


আৰু পঢ়ক
>> গৰ্ভাৱস্থাত এই ৬টা খাদ্য খালে শিশুৰ ছালখন সুন্দৰ হয়
>> শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !


৪) যদি আপোনাৰ বাৰে বাৰে মুখত ঘাঁ হয় তেন্তে নৰসিংহৰ পাউডাৰ মৌৰ লগত পেষ্ট এটা তৈয়াৰ কৰক। এই মিশ্ৰণটো মুখৰ ঘাঁহ হোৱা ঠাইত খিনিত লগাই দিয়ক। ২-৩ দিনৰ ভিতৰত আৰাম পাব আপুনি।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment