কেন্দ্ৰীয় চৰকাৰত পুনৰ নিযুক্তি, দৰমহা ৪৭,৬০০ /-

WhatsApp Follow

Recruitment of staff in organizations under central government – ৰাজ্যৰ চাকৰি আকাংক্ষীসকলৰ বাবে এক সুন্দৰ খবৰ। ৰাজ্যত চৰকাৰী চাকৰিৰ বাবে আন এক নিযুক্তি অধিসূচনা প্ৰকাশ কৰা হৈছে। য’ত অসমৰ যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। দৰমহাৰ, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আৰু চাকৰিৰ বিষয়ে বিতং তথ্য তলৰ প্ৰতিবেদনত আলোচনা কৰা হৈছে।

এই জাননীখন বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদে অৰ্থাৎ কেন্দ্ৰীয় সংস্থা CSIR প্ৰকাশ কৰিছে। অধিসূচনাখনত মুঠ ৪৪৪টা খালী পদ পূৰণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। এই সংস্থাৰ দুটা পদত ছেকচন অফিচাৰ আৰু এচিষ্টেণ্ট ছেকচন অফিচাৰ নিযুক্তি দিয়া হ’ব। ছেকচন অফিচাৰৰ বাবে মুঠ ৭৬টা আৰু সহকাৰী ছেকচন অফিচাৰৰ ৩৬৮টা পদ খালী হৈছে, লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে যে প্ৰাৰ্থীসকলে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী উত্তীৰ্ণ হ’লেহে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। এই চাকৰিৰ বয়সৰ সীমা সৰ্বাধিক ৩৩ বছৰ অৰ্থাৎ যদি আপোনাৰ বয়স ৩৩ বছৰৰ ভিতৰত হয় তেন্তে আপুনি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে।

আৰু পঢ়ক – কেন্দ্ৰীয়ৰী চাকৰি ১৬০০টা খালী পদৰ নিযুক্তি, নূন্যতম অৰ্হতাত আবেদন

কোৱা হয় যে এই চাকৰিৰ বাবে আপুনি ছেকচন অফিচাৰ পদৰ বাবে ৪৭,৬০০ টকা আৰু সহকাৰী ছেকচন অফিচাৰ পদৰ বাবে ৪৪,৯০০ টকাৰ মাহিলী দৰমহা পাব। কম্পিউটাৰ টেষ্টৰ জৰিয়তে নিযুক্তি দিয়া হ’ব প্ৰাৰ্থীক। সাধাৰণ প্ৰাৰ্থী আৰু অ’বিচি প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৫০০ টকা আৰু মহিলা প্ৰাৰ্থী, অনুসূচিত জাতি, অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে কোনো আবেদন মাচুল ৰখা নহয়। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

তলত দিয়া লিংকটোৰ পৰা আপুনি অফিচিয়েল ৱেবছাইটত গৈ প্ৰথমে আপোনাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব আৰু তাৰ পিছত আপোনাৰ ব্যক্তিগত তথ্য আৰু শৈক্ষিক অৰ্হতাৰ সবিশেষৰ সৈতে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। আবেদনৰ অন্তিম তাৰিখ ২০২৪ চনৰ ১২ জানুৱাৰী।

Official NoticeClick Here
Apply OnlineClick Here
Official websiteClick Here

1 thought on “কেন্দ্ৰীয় চৰকাৰত পুনৰ নিযুক্তি, দৰমহা ৪৭,৬০০ /-”

Leave a Comment