তুলসী পাত চিঙাৰো আছে নিৰ্দিষ্ট নিয়ম, জানেনে আপুনি ?

WhatsApp Follow

আমাৰ দেশত এনে বহু গছ আছে যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়। তাৰ ভিতৰত হ’ল তুলসী গছ অন্যতম। ঘৰৰ সন্মুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু শতাব্দীৰ পুৰণি। তদুপৰি তুলসী পাত অবিহনে পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। শাস্ত্ৰত বিশ্বাস কৰা হয় যে তুলসী গছত দেৱী লক্ষ্মী বাস কৰে। বিশ্বাস আছে ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে সেই ঘৰত সদায় সুখ–সমৃদ্ধি উপচি পৰে।

তুলসী পাত চিঙাৰ নিয়ম !

>> যিহেতু তুলসী গছত লক্ষ্মী দেৱী বাস কৰে বুলি কোৱা হয়, সেয়ে তাৰ পাত চিঙাৰ আগতে সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। নহ’লে সংসাৰত অৰ্থৰ অভাৱ দেখা দিয়ে।

>> প্ৰয়োজনীয় কাৰণ অবিহনে তুলসী পাত চিঙা উচিত নহয়। বিশ্বাস কৰা হয় যে এনে কৰিলে সংসাৰলৈ দুৰ্ভাগ্য আহে।

>> পূজাৰ উপৰি কেৱল স্বাস্থ্যজনিত কাৰণত তুলসী পাত চিঙিব লাগে। ইয়াৰ উপৰি সন্ধিয়া তুলসী পাত চিঙা উচিত নহয়।

>> চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত আৰু দেওবাৰ, একাদশীৰ নিশা তুলসী পাত চিঙা উচিত নহয়।

>> কোনো ঘৰত কোনো কোনো ব্যক্তিৰ মৃত্যু হ’লে সেই দিনৰ পৰা আগন্তুক ১৩ দিন পৰ্যন্ত তুলসী পাত চিঙা উচিত নহয়।

>> দেওবাৰে তুলসী গছত পানী দিয়া উচিত নহয়। প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱা শুভ বুলি কোৱা হয়।

>> তুলসী গছ ঘৰৰ এনে স্থানত ৰাখিব লাগে, য’৸ত গছজোপাই খোলা বতাহ আৰু সূৰ্যৰ পোহৰ পায়। তুলসীৰ শুকান পাত পেলাই দিয়াৰ পৰিৱৰ্তে তুলসী গছৰ গুৰিত ৰখা উচিত।


আৰু পঢ়ক
>> মহিলাসকলে এনে কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্রৱেশ নকৰে !
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !


>> শুকান তুলসী গছ ঘৰত ৰখা উচিত নহয়। বিশ্বাস কৰা হয় যে ঘৰত কোনো শুকান তুলসী গছ ৰাখিলে সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভাগ্যৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

>> তুলসী গছ সকলো সময়তে কোনো পাত্ৰত লগোৱা উচিত আৰু তাৰ চাৰিওফালৰ স্থান সকলো সময়তে পৰিষ্কাৰ কৰি ৰখা উচিত।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “তুলসী পাত চিঙাৰো আছে নিৰ্দিষ্ট নিয়ম, জানেনে আপুনি ?”

Leave a Comment