শৰীৰৰ কোনখন ঠাইত তিল থাকিলে ধন-সম্পত্তিৰ লক্ষণ !

WhatsApp Follow

পৃথিৱীত ধনী হ’বলৈ সকলোৱে বিচাৰে। ধন-সম্পত্তি আৰু বিলাসী জীৱন যাপন কৰিবলৈও মানুহে অক্লান্তভাৱে কাম কৰে। কিন্তু কিছুমানহে সফল হয়, আৰু বহুতে অসফল হৈ থাকে। কিন্তু মানুহৰ ভৱিষ্যত কিমান ভাল হ’ব সেয়া নিৰ্ভৰ কৰে তেওঁৰ কৰ্মৰ ওপৰত। আৰু বাকীখিনি ভাগ্য। যিটো পূৰ্বনিৰ্ধাৰিত। কিন্তু ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই।

সমুদ্ৰশাস্ত্ৰৰ মতে মানুহৰ জন্মতে সৌভাগ্য গঢ়ি তোলা বা ভৱিষ্যত গঢ়ি তোলাৰ দৰে কিছুমান বিশেষ বস্তু লৈ থাকে। যাৰ এটা মাধ্যম হ’ল তিল। শৰীৰৰ বিভিন্ন ঠাইত তিলৰ অৱস্থানে আপোনাৰ ভৱিষ্যতৰ বহু ভাল বেয়া কথাৰ ইংগিত দিয়ে।

তিল তত্ত্বৰ মতে শৰীৰৰ বিভিন্ন অংশত থকা তিলে ভৱিষ্যতে আপোনাৰ বাবে কি ৰখা হৈছে সেই কথা ক’ব পাৰে। বা শৰীৰত তিল থাকিলে কি হয়, তিলটো চাই আগতীয়াকৈ গম পোৱা যায়। মাত্ৰ ইয়াৰ শুদ্ধ অৰ্থ বুজিব লাগিব। শৰীৰৰ কিছুমান বিশেষ ঠাইত তিল থকাটো ধন-সম্পত্তিৰ লক্ষণ। কিন্তু তিলে ক’ত সম্পত্তি বা ধন লাভৰ পথ সহজ কৰি তোলে জানি লওঁ আহক –

ওঁঠ ওপৰত তিল থাকিলে কি হয়, তেনে ঠাইত যদি তিল থাকে তেন্তে তাৰ অৰ্থ হ’ল মহিলা বা পুৰুষজন অতি কম বয়সৰ পৰাই বহুত ধনৰ মালিক হৈ পৰিব। এই অৱস্থাত থকা তিল মানুহবোৰ অলপ জেদী হোৱাৰ প্ৰৱণতা থাকে।

নাকৰ সোঁফালে তিল থকা ব্যক্তি ধনী হোৱাৰ সম্ভাৱনা থাকে, ৩০ বছৰ বয়সৰ পৰাই তেওঁলোকে সফলতাৰ জখলা বগাবলৈ আৰম্ভ কৰে। জ্যোতিষীসকলৰ মতে যিসকলৰ কঁকালত তিল থাকে তেওঁলোকৰ ধনী হোৱাৰ সম্ভাৱনা অধিক।

বিয়াৰ পিছত বহুতেই বিশাল ধন-সম্পত্তিৰ মালিক হৈ পৰে। এই ক্ষেত্ৰত যিসকলৰ শৰীৰৰ যিকোনো ঠাইতে গাঢ় ৰঙৰ আৰু সৰু আকাৰৰ তিল থাকে, তেতিয়া বুজি পাযব যে মহিলা বা পুৰুষজন বিয়াৰ পিছত ধনী হ’বলৈ গৈ আছে। এই দাবী অ’চেন’গ্ৰাফী বিশেষজ্ঞসকলৰ।


আৰু পঢ়ক
>> যদি আপোনাৰ হাতত M চিহ্ন আছে, তেন্তে কি আছে আপোনাৰ ভাগ্যত
>> এই তাৰিখবোৰত জন্ম হোৱা পুৰুষ-মহিলাই শ্ৰেষ্ঠ জীৱন সংগী পায় !


যদি এজনৰ সোঁহাতৰ তালুত তিল থাকে, তেন্তে ব্যক্তিজনে অতি কম বয়সৰ পৰাই ধন-সম্পত্তি লাভ কৰিবলৈ আৰম্ভ কৰে। ফলত তেওঁলোকৰ সহজে ধনী হোৱাৰ সম্ভাৱনা থাকে। সমুদ্ৰশাস্ত্ৰ বিশেষজ্ঞৰ মতে নাভিৰ আশে-পাশে বা চিবুকত তিল থকাটোৰ অৰ্থ হ’ল মানুহ ধনী হোৱাৰ সম্ভাৱনা। বুকুত তিল থাকিলে সেই নাৰী বা পুৰুষ সহজেই ধনী হৈ পৰে। লগতে তেওঁলোকে অতি শান্তিপূৰ্ণ জীৱন কটায়। তাৰোপৰি কাণৰ চাৰিওফালে যদি তিল থাকে তেন্তে তেওঁৰ ধনী হোৱাৰ সম্ভাৱনা বেছি।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “শৰীৰৰ কোনখন ঠাইত তিল থাকিলে ধন-সম্পত্তিৰ লক্ষণ !”

Leave a Comment