গণেশ চতুৰ্থীত এই ১০টা ভোগ দিলে ভগৱান গণেশ অতি প্ৰসন্ন হয়

WhatsApp Follow

( These 10 offerings are very pleasing to Lord Ganesh on Ganesh Chaturthi ) হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ বিশেষ মহত্ব আছে। এই পৰ্ব প্ৰতি বছৰে ভাদ মাহৰ-শুক্ল পক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয়। এই পৰ্বত সকলো দেৱতাৰ ভিতৰত প্ৰথম পূজ্য ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-গণপতিৰ পূজা কৰা হয়।

২০২২বৰ্ষৰ গণেশ চতুৰ্থী-৩১আগষ্টত পালন কৰা হ’ব। গণেশ চতুৰ্থীৰ পৰা গণেশ মহোৎসৱৰ আৰম্ভণি হয়। আৰু এই মহোৎসৱ ১০দিনৰ পাছত অৰ্থাৎ অন্তত চতুদৰ্শীত গণপতিৰ বিৰ্সজনৰ লগতে সমাপ্ত কৰা হয়।

এই ১০দিনত ভগৱান শ্ৰী গণেশক-১০টা বেলেগ বেলেগ বস্তুৰ ভোগ লগোৱা হয়। মান্যতা অনুসাৰে এই ১০টা বস্তুৰ ভোগ লগালে ভগৱান গণেশ অতি প্ৰসন্ন হয়। ইয়াৰ দ্বাৰা-ঘৰ পৰিয়ালৰ মাজলৈ সুখ-শান্তি-সমৃদ্ধি আহে। গণপতিয়ে সকলো সংকট হৰণ কৰি লয়।

গণপতি বাপ্পা অৰ্থাৎ ভগৱান শ্ৰী গণেশৰ মোদক অতি প্ৰিয় হয়। সেইবাবে গণেশ চতুৰ্থী বা ভগৱান গণেশৰ জন্মোৎসৱৰ দিনা-সৰ্বপ্ৰথম মোদকৰ ভোগ দিব লাগে।

তৃতীয় দিনা ভগৱান গণেশৰ পূজাত বেচনৰ লাড্ডুৰ ভোগ দিব লাগে।

সনাতন ধৰ্মত ভগৱান শ্ৰী গণেশক কলৰ ভোগ লগোৱাটো উত্তম মনা হয়। সেইবাবে গণেশ চতুৰ্থীৰ চতুৰ্থ দিনা-কলৰ ভোগ দিব লাগে।


আৰু পঢ়ক
>> গণেশ চতুৰ্থীৰ পৰা এই ৩টা ৰাশিৰ ভাগ্য সলনি হ’ব, আপুনি আছেনে এই তালিকাত ?
>> তুলসীৰ কাষৰ এই গছজোপা নাৰাখিব, সংসাৰৰ বাবে অমঙ্গল হ’ব !


গণেশ চতুৰ্থীৰ পঞ্চম দিনা-পায়সৰ ভোগ দিব লাগে।

গণেশ চতুৰ্থীৰ ষষ্ঠ দিনাগণপতিক -নাৰিকলৰ ভোগ দিব লাগে।

গণেশ চতুৰ্থীৰ সপ্তম দিনা-গণপতিক মেৱেৰ লাড্ডুৰ ভোগ দিব লাগে।

গণেশ চতুৰ্থীৰ অষ্টম দিনা-ভগৱান শ্ৰী গণেশক কলাকান্দ’ৰ ভোগ দিব লাগে।

নৱম দিনা-গণপতিক কেশৰৰ দ্বাৰা প্ৰস্তুত শ্ৰীখণ্ড ভোগ অৰ্পিত কৰিব লাগে।

ভগৱান গণেশৰ পূজাৰ শেষৰ দিনা-বজাৰৰ পৰা অনা-বা ঘৰতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ মোদক অৰ্পণ কৰিব লাগে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “গণেশ চতুৰ্থীত এই ১০টা ভোগ দিলে ভগৱান গণেশ অতি প্ৰসন্ন হয়”

Leave a Comment