কেকটাছেৰে ঘৰ সজাই তোলাটো কিয় অশুভ, কাৰণবোৰ জানি লওক

WhatsApp Follow

এতিয়া ঘৰৰ ভিতৰৰ গছ-গছনি ঘৰ সজোৱাৰ অন্যতম বস্তু হৈ পৰিছে। বেছিভাগ মানুহেই ঘৰৰ ‘সজ্জা’ৰ বাবে গছ বাছি লয়, আন যিকোনো বস্তুতকৈ। আকৌ প্ৰাকৃতিক প্ৰদূষণৰ বাবে যদি গছ-গছনি ঘৰৰ ভিতৰত ৰোপণ কৰা হয় তেন্তে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনো উপলব্ধ হয়। অৱশ্যে এই গছজোপা বাছনি কৰোতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে ! বিশেষকৈ “কাঁইট”।

বহুতে নিজৰ ভিতৰৰ সজ্জাৰ বাবে কেকটাছ গছ ৰাখে, এনে গছবোৰ বহুদিন জীয়াই থাকিব পাৰে; কিন্তু বাস্তুৰ মতে কাঁইটীয়া কেকটাছ গছ ঘৰৰ বাবে ‘অশুভ’; গতিকে এনে গছপুলি ৰোপণৰ আগত চিন্তা কৰাটো আৱশ্যক। কাৰণ কাঁইটীয়া গছবোৰে ঘৰত অস্থিৰতা বৃদ্ধি কৰিব পাৰে ! গতিকে ঘৰৰ ভিতৰৰ আন কোনো গছ ৰোপণ কৰক।


আৰু পঢ়ক
>> এই দুটা পৰিস্থিতিয়ে কেতিয়াও এজন ব্যক্তিক সঠিক সিদ্ধান্ত ল’বলৈ নিদিয়ে
>> মঙলবাৰে এই কামবোৰ কৰাটো অশুভ! ৰুষ্ট হয় বজৰংগবলী !


পৰিৱেশ বিজ্ঞানীসকলে কৈছে যে এনে গছবোৰ ৰ’দঘাই ঠাইত অৰ্থাৎ ছাদ বা বেলকনিত ৰাখিব পাৰি; কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে বহুতে এই গছজোপা ড্ৰেছিং টেবুলৰ সন্মুখত বা ড্ৰয়িং ৰুমত ভালকৈ সজাই থোৱা টাব এটাত থৈ দিয়ে ! কিন্তু বহুতে ইতিমধ্যে ঘৰৰ বাবে কেকটাছৰ কলম বেছি দামত কিনিছে, গতিকে বাহিৰলৈ দলিয়াই দিয়াৰ পৰিৱৰ্তে ‘বেলকনি’ বা ‘ছাদ’ত ধুনীয়াকৈ ৰাখিব পাৰে। কিন্তু এই সকলোবোৰ পৰিৱেশ বিজ্ঞানীৰ পৰামৰ্শ অনুসৰি কৰিব লাগে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment