মানি প্লান্ট ৰখাৰ সময়ত এই নিয়মবোৰ মানি চলাটো অতি প্ৰয়োজনীয়

WhatsApp Follow

ঘৰত এবিধ বিশেষ উদ্ভিদ ৰাখিলে ইতিবাচক শক্তি আনে।ধন-টকাও আহে।তেনে এজোপা গছ বা উদ্ভিদ হৈছে-মানী প্লেন্ট। কিংবদন্তি অনুসৰি মানী প্লেন্ট-গছজোপা যিমানেই সেউজীয়া হব-সিমানেই ঘৰলৈ সুখ-শান্তি আহিব।ঘৰত মানী প্লেন্ট থাকিলে-মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হয়।

ঘৰত গছ থাকিলে সৌন্দয্য বাঢ়ে। বহুতে নিজৰ ঘৰবোৰ বিভিন্ন ধৰণৰ গছ-গছনিৰে সঁজাই তুলে। পৰিৱেশ বিজ্ঞানতো গছৰ গুৰুত্ব আছে কিন্তু যিকোনো গছ ঘৰত ৰাখিব নোঁৱাৰি। বহুতে ভাল ফলৰ বাবে-ঘৰত বা অফিচত মানী প্লেন্ট ৰাখে। কিন্তু কিছুমান নিয়ম নমনাৰ বাবে-শুভ ফলাফল নাপায়।

কোন দিশত মানী প্লেন্ট ৰাখিব- মানী প্লেন্ট ৰখাৰ সময়ত দিশৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এই গছজোপা দক্ষিণ-পূৱ দিশে ৰাখিব লাগে। এই দিশটো ভগৱান গণেশৰ দিশ হিচাপে গণ্য কৰা হয়। এই দিশে ধন-উদ্ভিদ ৰাখি-ভগৱান গণেশৰ বিশেষ কৃপা লাভ কৰা হয়।ঘৰলৈ সুখ-সমৃদ্ধি আহে।


আৰু পঢ়ক
>> ঘৰৰ ভিতৰত প্ৰচুৰ পৰিমাণে অক্সিজেন পাব, আজি ঘৰতে এই ৫টা গছ ৰোপণ কৰক
>> ঘৰতে তুলসীৰ সৈতে আৰু ৩টা গছ ৰোপণ কৰক, আৰ্থিক সমস্যা দূৰ হ’ব


পৰিষ্কাৰ ঠাই নিৰ্বাচন – ঘৰত এই গছ থাকিলে-দেৱী লক্ষ্মী সুখী হয়।গতিকে মানী প্লেন্ট লেতেৰা ঠাইত ৰাখিব নালাগে।সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে।

মানী প্লেন্ট চুৰী নকৰিব- কাৰোবাৰ ঘৰৰ পৰা মানী প্লেন্ট চুৰ নকৰিব।মানী প্লেন্টৰ লতা উভালিবলৈ গৃহস্থৰ অনুমতি লব লাগে।চুৰি কৰি আনিলে শুভ ফল পোৱা নাযায়।

মানী প্লেন্টত শুকান পাত থাকিব নিদিব- মানী প্ৰেন্ট মৰহী যোৱাটো এটা বেয়া লক্ষণ।গতিকে প্ৰছিদিনে নিয়মীয়াকৈ পানী দিব লাগে।আৰু মানী প্লেন্টত শুকান পাত থাকিবলৈ নিদিব।শুকান পাতে ঘৰৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।

লতাডালে মাটি স্পৰ্শ কৰিব নালাগে- মানী প্লেন্ট ৰোপণ কৰাৰ সময়ত-লতাডাল যাতে মাটিত নপৰে-তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ ফল বেয়া হয়।ইয়াৰ ফলত ঘৰৰ সদস্যসকল বিভিন্ন সমস্যাত লিপ্ত হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “মানি প্লান্ট ৰখাৰ সময়ত এই নিয়মবোৰ মানি চলাটো অতি প্ৰয়োজনীয়”

Leave a Comment