যকৃত বা লিভাৰ শৰীৰৰ এটা শক্তিশালী অংগ। ই বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, প্ৰটিন, কলেষ্টেৰল আৰু পিত্ত উৎপাদনৰ পৰা আৰম্ভ কৰি ভিটামিন, খনিজ পদাৰ্থ আনকি কাৰ্বহাইড্ৰেট সংৰক্ষণ কৰালৈকে ই কাম কৰে। ইয়াৰ উপৰিও লিভাৰে মদ, ড্ৰাগছ আদিৰ বিষাক্ত পদাৰ্থ আৰু বিপাকীয় ক্ৰিয়াৰ প্ৰাকৃতিক উপজাত পদাৰ্থ ভাঙি পেলায়। স্বাস্থ্য ৰক্ষাৰ বাবে যকৃতক ভাল অৱস্থাত ৰখাটো অতি গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক জনাম কি কি খাদ্য খালে লিভাৰ সুস্থ হৈ থাকে। ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ ‘বন্ধু’ বুলি কোৱা হয়। জানো আহক কি এই ৫ বিধ খাদ্য –
১) কফি- কফি হৈছে যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পৰা অন্যতম উত্তম পানীয়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কফিয়ে যকৃতৰ ৰোগ প্ৰতিৰোধ কৰে। আনকি ইতিমধ্যে লিভাৰৰ সমস্যা থকা লোকসকলৰ ক্ষেত্ৰতো কফিয়ে কাম কৰে। ই চিৰ’ছিছ, লিভাৰৰ ক্ষতি আৰু লিভাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
২) আঙুৰ- আঙুৰত বহুতো উপকাৰী যৌগ থাকে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে আঙুৰ আৰু আঙুৰৰ ৰসে যকৃতক উপকৃত কৰিব পাৰে। আঙুৰে প্ৰদাহ হ্ৰাস কৰা, যকৃতৰ ক্ষতি ৰোধ কৰা, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰা আদি কাম কৰে।
৩) বীট- বীটৰ ৰস সদায়ে স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে এই ৰসে লিভাৰৰ অক্সিডেটিভ ক্ষতি আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰাৰ লগতে প্ৰাকৃতিক বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে দৈনিক এগিলাচ বীটৰ ৰস খাব লাগে।
আৰু পঢ়ক
>> গৰ্ভাৱস্থাত এই ৬টা খাদ্য খালে শিশুৰ ছালখন সুন্দৰ হয়
>> শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !
৪) আলমণ্ড- আলমণ্ডত চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু বহুতো উপকাৰী যৌগ থাকে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। বাদাম বা আলমণ্ড কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই লিভাৰৰো উপকাৰী। ইয়াক খালে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰি।
৫) মাছ- মাছত ওমেগা-৩ ফেটি এচিড পোৱা যায়। ই লিভাৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ওমেগা-৩ সমৃদ্ধ চৰ্বিযুক্ত মাছ সেৱন কৰাটো আপোনাৰ যকৃতৰ বাবে অতি উপকাৰী।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।
8 thoughts on “৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ বন্ধু, এই খাদ্য খালে লিভাৰ কেতিয়াও নহয় নষ্ট”