পৃথিৱীৰ আটাইতকৈ দামী শাকবিধ, যাৰ মূল্য হৈছে ৮২ হাজাৰ প্ৰতিকিলোত

WhatsApp Follow

আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক সদায় জুৰুলা কৰি আহিছে। পেট্ৰ’ল ডিজেলকে ধৰি মুখ্য শাক-পাচলি আৰু অন্যান্য সকলোতে যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে। শাক-পাচলিৰ ক্ষেত্ৰত আলু, পিয়াজ, বিলাহীৰ মূল্যই সীমা অতিক্ৰম কৰিছে। কিন্তু তাৰ মাজতেই এনে এবিধ শাক ওলাইছে যাৰ ণূল্যৰ তুলনাত এই সকলোবোৰৰ মূল্য বহুত কম যেনেই লাগিব।

যদিও শাকবিধৰ দাম অধিক, কিন্তু গোটেই বিশ্বতেই ইয়াৰ চাহিদা অধিক মাত্ৰাত বৃদ্ধি পাইছে। শাকবিধৰ মূল্য হৈছে প্ৰতিকিলোত ৮২,০০০ টকা। শাকবিধৰ নাম হৈছে হপ চুটছ (Hop Shoots)। বিট্ৰেইন, জাৰ্মানী আদিকে ধৰি ইউৰোপীয় দেশসমূহত ইয়াৰ খেতি কৰা হয়।

গছজোপা দেখাত শতমূলৰ দৰে। কেৱল বসন্ত ঋতুতহে ইয়াৰ খেতি কৰা হয়। শাকবিধ সময়মতে কটা নহলে খুউব সোনকালে ইয়াৰ ঠাল ঠেঙুলিবোৰ ডাঙৰ হৈ যায়। ঠালসমূহ ডাঙৰ হৈ গলে ই খোৱাৰ অনুপযোগী হৈ পৰে। ৰান্ধি খোৱাৰ উপৰিও ইয়াৰ আচাৰো বনাব পৰা যায়। শাকবিধৰ ৰং বেঙুনীয়া হয়। বৃদ্ধিৰ বাবে ইয়াক পাতলীয়া ৰ’দৰ প্ৰয়োজন। এই শাকবিধৰ বিশেষত্ব এয়েই যে, ই দিনে প্ৰায় ৬ ইঞ্চিলৈ বাঢ়ে আৰু ই দুৰ্লভ ঔষধি গুণেৰে ভৰপূৰ।


আৰু পঢ়ক
>> মাছ ধোৱাৰ ৫টা সহজ পদ্ধতি !
>> সেউজীয়া জলকীয়া গুৰি গোটেই বছৰটো সংৰক্ষণ কৰিব পাৰি, কেনেকৈ জানেনে ?


লণ্ডনৰ কিংছ কলেজত অধ্যাপক ষ্টুৱাৰ্ট মিলিগানৰ এটা গৱেষণা দলৰ নেতৃত্বত, হপ শ্বুটত হপিন নামৰ এটা হৰ্মোনেলিন সক্ৰিয় পদাৰ্থ আৱিষ্কাৰ কৰিছিল, যি হৈছে আটাইতকৈ শক্তিশালী ফাইটো-অষ্ট্ৰোজেনবোৰৰ ভিতৰত এটা। এই ৰাসায়নিক পদাৰ্থবোৰত মহিলা হৰমন এষ্ট্ৰোজেনৰ দৰে গাঁথনি থাকে। হপ শ্বুটবোৰে অনিদ্ৰা উপশম কৰাত সহায়ক। এই শাকবিধত থকা এবিধ বিশেষ ৰাসায়নিক পদাৰ্থই মহিলাসকলৰ ৰজোনিবৃত্তিৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই কৰ্কট কোষৰ প্ৰসাৰ বন্ধ কৰাত সহায় কৰে।

জাৰ্মান ফেডাৰেল হেল্থ এজেন্সিৰ আয়োগে 1978 চনত স্বতন্ত্ৰভাৱে পৰ্যালোচনা কৰা ভেষজ আৰু উদ্ভিদৰ ঔষধৰ সৈতে সম্পৰ্কিত ঘটনাবোৰৰ অধ্যয়নৰ অন্তত কয় যে টোপনিৰ সমস্যা, অস্থিৰতা আৰু উদ্বেগ দূৰ কৰাত হপ চুটছ উপকাৰী।

1 thought on “পৃথিৱীৰ আটাইতকৈ দামী শাকবিধ, যাৰ মূল্য হৈছে ৮২ হাজাৰ প্ৰতিকিলোত”

Leave a Comment