মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায় | Health Tips In Assamese

WhatsApp Follow

বিষ হোৱাৰ কেইবাটাও কাৰণ আছে।  যেনে, জীনসম্বন্ধীয় কাৰণ,  অত্যাধিক ধুমপান,  অত্যাধিক মাদক দ্ৰব্যৰ সেৱন,  অতিৰিক্ত টোপনি,  বিষৰ পিলৰ অতিৰিক্ত ব্যৱহাৰ কৰা আদি।  যদি সময় থাকোঁতে মূৰৰ বিষৰ চিকিৎসা কৰা হয়,  তেনেহলে এই বিষৰ পৰা তীব্ৰ মূৰৰ বিষ হ’ব পাৰে।  যদিওবা মূৰৰ বিষক এটা সামান্য বেমাৰ বুলি ধৰা হয়,  কিন্তু দীঘলীয়া সময়লৈকে ই অতি গম্ভীৰ হ’ব পাৰে।  বজাৰত বহুত মূৰৰ বিষৰ ঔষধ পোৱা যায়,  কিন্তু এই ঔষধৰ বিভিন্ন ক্ষতিকাৰক দিশ থাকে। ইয়াত কিছুমান ঘৰুৱা প্ৰতিকাৰকৰ কথা কোৱা হৈছে,  যাৰ পৰা আপুনি মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে।  জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন।

১/ তুলসীৰ পাত

আপুনি প্ৰায়ে মানুহৰ মূৰৰ বিষ উঠিলে চাহ বা কফি খোৱা দেখিছে,  কিন্তু মূৰৰ বিষত এবাৰ তুলসীৰ পাত পানীত উতলাই খাব লাগে।  ই যিকোনো চাহ বা কফিৰ তুলনাত বহু উপযোগী আৰু লা ভজনক।  তুলসীৰ তেল বা চাহ সামান্য মূৰৰ বিষৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে।

২/ আদা

আদাই মূৰৰ ৰক্তবাহী নলীসমুহৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে।   ইয়াৰ ব্যৱহাৰ মূৰৰ বিষৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়।   আদাৰ সেৱন তীব্ৰ মূৰৰ বিষ দূৰ কৰিব পৰা যায়।

৩/ তেল

তেলৰ সৈতে মালিচ মূৰৰ বিষৰ কাৰণে এক ভাল উপযোগী ঘৰুৱা চিকিৎসা।   তেলৰ সৈতে মালিচ কৰিলে আপুনি মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৪/ আম পাত বেল পাত

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে সাধাৰণ দুবিধ সামগ্ৰী যোগাৰ কৰিয়েই এই বিষৰ পৰা মুক্ত হ’ব পাৰে। ইয়াৰ বাবে এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে।  পানী খিনি ৰঙচুৱা হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে। এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ অসহ্য যন্ত্ৰণাৰ পৰা মুক্ত হ’ব পৰা যায়।

৫/ পানী

মূৰৰ বিষ হ’লে কিছু সময়ৰ মূৰে মূৰে এগিলাচ পানী খালেও মূৰৰ বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।   এবাৰ মাত্ৰ আপোনাৰ শৰীৰটো হাইদ্ৰেদ হৈ যোৱাৰ পাছত মূৰৰ বিষ ক্রমান্বয়ে কমি আহিব।

৬/ আপেলৰ লগত নিমখ

যদি বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই তেন্তে এটা আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষ যথেষ্ট দূৰ হৈ যায়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে।  বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আৰু পঢ়ক-

9 thoughts on “মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায় | Health Tips In Assamese”

Leave a Comment