ঠাণ্ডা নে গৰম ? গাখীৰ কেনেকৈ খালে স্বাস্থ্যৰ বাবে উপকাৰী !

Daily Job Update Follow

( Is it cold or hot? How to eat milk for health ) গাখীৰৰ দ্বাৰা শৰীৰক পুষ্টিকৰ উপাদান যোগান ধৰাৰ কোনো বিকল্প নাই । ডেকা-বুঢ়া সকলোৱে নিয়মীয়া খাদ্যত গাখীৰ ৰাখিব লাগে । কেলচিয়াম, পটাছিয়াম, প্ৰটিন, জিংক, ভিটামিন ডি যুক্ত গাখীৰ খালে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব পাৰি ।

গৰম গাখীৰ অবিহনে বহুতে খাব নিবিচাৰে । কিছুমানে ঠাণ্ডা গাখীৰ ভাল পায় । বহুতৰে প্ৰশ্ন, ঠাণ্ডা নে গৰম – কোনটো গাখীৰ শৰীৰৰ বাবে বেছি উপকাৰী ?

গৰম গাখীৰ কেতিয়া অধিক উপকাৰী হয় ?

১) বহুতে অনিদ্ৰাত ভোগে । এনে অৱস্থাত গৰম গাখীৰ খালে সমস্যা কমি যাব । গাখীৰত থকা এমিনো এচিডে টোপনি প্ৰৰোচিত কৰাত সহায় কৰে ।

২) ঋতু সলনিৰ সময়ত বহুতে চৰ্দি আৰু কাহত ভুগিবলগীয়া হয় । গৰম গাখীৰত মৌ মিহলাই দিলে যথেষ্ট উপকাৰ পোৱা যায় । যিসকলৰ সামান্য চৰ্দিৰ সমস্যা আছে তেওঁলোকৰ বাবেও গৰম গাখীৰ ভাল । গাখীৰত এন্টি-বেক্টেৰিয়েল গুণ আছে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।


আৰু পঢ়ক
>> গেছৰ সমস্যা‌ দূৰ কৰিবলৈ এই ঘৰুৱা উপায়বোৰ জানোঁ আহক
>> ৮ টা অভ্যাসে সম্পুৰ্ণ ভাৱে নষ্ট কৰিব আপোনাৰ কিডনী।


৩) বহুতে মাহেকীয়াৰ সময়ত পেটৰ যন্ত্ৰণাদায়ক বিষ অনুভৱ কৰে । এই সময়ছোৱাত খাদ্যত গৰম গাখীৰ ৰাখিব লাগে । গাখীৰত থকা পটাছিয়ামে বিষ উপশম কৰাত সহায় কৰে ।

ঠাণ্ডা গাখীৰ কেতিয়া অধিক উপকাৰী হয় ?

১) বদহজম বা পেটৰ ঘাঁৰ সমস্যা হ’লে গৰম গাখীৰ সেৱন নকৰাটো ভাল । এনে অৱস্থাত ঠাণ্ডা গাখীৰ খালে সমস্যা বাঢ়িব পাৰে । এইবোৰ ঠাণ্ডা গাখীৰত এচামুচ মিহলাই খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু হজম শক্তিও ভাল হয় ।

২) ঠাণ্ডা গাখীৰে ওজন কমাবলৈ সহায় কৰে । ঠাণ্ডা গাখীৰ সেৱন কৰিলে বিপাকীয় হাৰ বৃদ্ধি পায়, যাৰ ফলত কেলৰিৰ পৰিমাণ অধিক হয় । গতিকে যিসকলে ওজন কমাবলৈ পৰিকল্পনা কৰিছে, তেওঁলোকে ঠাণ্ডা গাখীৰ খালে অধিক লাভ হ’ব । অলপ ভোক লাগিলে ভজা খাদ্যৰ সলনি এগিলাচ গাখীৰ খাব পাৰে । বহুদিনলৈ পেট ভৰ্তি হৈ থাকিব ।

৩) ঠাণ্ডা গাখীৰত প্ৰচুৰ পৰিমাণে ইলেক্ট্ৰ’লাইট থাকে । ছালৰ স্বাস্থ্যৰ বাবেও ঠাণ্ডা গাখীৰ অতি উপকাৰী ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।