মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায় | Have A Bright Face in Winter

Daily Job Update Follow

মানুহৰ সুন্দর্য হৈছে মুখমণ্ডল। এতিয়াও আমাৰ সমাজত কলা আৰু বগা লৈ বেদাবেদ দেখা যায়, সেই বাবে  কিছুমান মানুহ নিজৰ মুখমণ্ডলটোলৈ বহুত চিন্তিত, সেই বাবে আজি এই আর্টিকেলটোত কথা পাতিম উজ্জ্বল মুখৰ অধিকাৰী হ’বলৈ মুখমণ্ডলৰ কি কি  যতন লোৱাটো অতিকৈ প্ৰয়োজনীয়। আহক কথা পাতো  মুখ উজ্জ্বল কৰাৰ উপায় সমূহ কিঃ-

১/ গৰম পানী, আমি  শীতকালত পানী অতি কম পৰিমানত খাও ।  ফলত শৰিৰত পানীৰ অভাৱ দেখা দিনে এনে ক্ষেত্রত আপোনাৰ চেহেৰা বেয়া হোৱাৰ সম্ভাবনা থাকে।  সেই বাবে বেছি বেছি পানী পান কৰক,   পাৰিলে গৰম পানী খাব।

২/ বিলাহী আৰু নেমু, এই ফেচ মাস্ক টো তৈয়াৰ কৰিবলৈ বিলাহীখিনি গুটি উলিয়াই পেষ্ট বনাই লওঁক।   এতিয়া ইয়াত দুই চামুচ নেমুৰ ৰস যোগ দিয়ক ।   এতিয়া এই পেষ্টটো মুখ আৰু ডিঙিত প্ৰয়োগ কৰক।   ২০ মিনিট শুকোৱাৰ পিছত মুখখন ঠাণ্ডা পানীৰে ধুই ল’ব।   নেমুৱে তেলীয়া পদাৰ্থ আঁতৰাই ছাল উন্নত কৰাত সহায় কৰে।   ভাল ফলাফল পাবলৈ সপ্তাহত তিনিবাৰ এই ফেচ মা স্ক ব্য ৱহাৰ কৰিব পাৰে।

৩/ টোপনি, সদায় ভাল টোপনি মাৰক।  মনত ৰাখিব টোপনিতকৈ ভাল টনিক এই পৃথিৱীত নাই।  যিমান পাৰে পানী খাওক।  খোজ কাঢ়ক নিতৌ এগিলাচ ডাবৰ পানী পান কৰক, লগতে গাজৰ বা বিটৰ ৰস পান কৰক।   সেউজীয়া শাক পাছলি খাব। তেনেহলে আপোনাৰ মুখ  উজ্জ্বল হ’ব।

৪/ ছালকুৱঁৰী, ছালকুৱঁৰীৰ ওপৰৰ তৰপ টো এৰুৱাই ভিতৰৰ জেলখিনি চামুচেৰে উলিয়াই এখন প্লেটত লওক । এই জেলখিনিত এচামুচ নেমু ৰস আৰু এচামুচ চেনী মিহলাওক। মুখখন ধুই শুকান টাৱেলেৰে টুকি লওক।  এতিয়া মিশ্ৰণটো হাতত লৈ মুখমণ্ডল আৰু ডিঙিত ঘুৰাই ঘুৰাই ৫-১০ মিনিট মালিচ কৰি কিছু সময় থাকিব দিয়ক। শুকুৱাৰ পিছত ঠাণ্ডা পানীৰে ধুৱক।  সপ্তাহত ৩/৪ দিন কৰিব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আৰু পঢ়ক-

19 thoughts on “মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায় | Have A Bright Face in Winter”

Leave a Comment